গুৱাহাটী, ২৬ এপ্ৰিল:শব্দ প্ৰদূষণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেক বছৰেই বিশ্বজুৰি ‘‘আন্তঃৰাষ্ট্ৰীয় শব্দ সজাগতা দিৱস’’ পালন কৰা হয় । প্ৰত্যেক বছৰে এপ্ৰিল মাহৰ শেষৰটো বুধবাৰে এই দিৱসটো পালন কৰা হয় । সমগ্ৰ দেশৰ লগতে আজি অসমতো এই দিৱসটো পালন কৰা হয় (International noise awareness day 2023)।
গুৱাহাটী মহনগৰীত আন্তঃৰাষ্ট্ৰীয় শব্দ প্ৰদূষণ সজাগতা দিৱস উপলক্ষ্যে সজাগতামূলক ৰেলী উলিওৱা হয় । নেশ্যনেল ইনিচিয়েটিভ ফ’ৰ ছেফ চাউণ্ড চমুকৈ এন আই এছ এছৰ উদ্যোগত গুৱাহাটীৰ শিলপুখুৰীত এক সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয় । উল্লেখযোগ্য যে নেশ্যনেল ইনিচিয়েটিভ ফ'ৰ ছেফ চাউণ্ড (এন আই এছ এছ) হৈছে ইণ্ডিয়ান মেডিকেল এছ’চিয়েছন আৰু এছ’চিয়েছন অৱ অটোলেৰিংগোলজিষ্ট অৱ ইণ্ডিয়াৰ যৌথ প্ৰকল্প (association of otolaryngologists of India) ।
নেশ্যনেল ইনিচিয়েটিভ ফ'ৰ ছেফ চাউণ্ড প্ৰকল্পৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে ভাৰতবৰ্ষক সকলো প্ৰকাৰৰ শব্দ প্ৰদূষণৰ পৰা মুক্ত কৰা ৷ এই উদ্দেশ্যে আগত লৈ এন আই এছ এছ-এ ৰাইজক সজাগ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে । এন আই এছ এছৰ সৈতে দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি জড়িত হৈ আছে ।
গুৱাহাটীত বিশিষ্ট ই এন টি বিশেষজ্ঞ অধ্যাপক ডাঃ স্বাগতা খান্না এন আই এছ এছৰ ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্ত হৈ আছে । ২০১৬ চনৰ পৰা তেওঁ এই দায়িত্বত আছে । অসমক প্ৰতিনিধিত্ব কৰি ডাঃ খান্নাই শব্দ প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে । বিশেষকৈ সজাগতা সৃষ্টিৰ বাবে তেওঁ উদ্যোগ গ্ৰহণ কৰি আহিছে (noise awareness day 2023 observed in Guwahati) ।
আন্তঃৰাষ্ট্ৰীয় শব্দ প্ৰদূষণ দিৱস উপলক্ষ্যে এন আই এছ এছে বুধবাৰে এছ’চিয়েচন অৱ অটোলেৰিংগ’লজিষ্টৰ উত্তৰ-পূব শাখাৰ সহযোগত গুৱাহাটীৰ শিলপুখুৰী পাৰত এক সজাগতামূলক ৰেলীৰ আয়োজন কৰে । ডাঃ স্বাগতা খান্নাই নেতৃত্ব বহন কৰা এই ৰেলীত শতাধিক লোকে অংশ গ্ৰহণ কৰে । শব্দবিহীন এই ৰেলীত চিকিৎসক, নাৰ্ছ, পেৰামেডিকেল কৰ্মচাৰীৰ উপৰিও সাধাৰণ লোকে অংশ গ্ৰহণ কৰে ।
অংশ গ্ৰহণকাৰীসকলে বিভিন্ন প্লেকাৰ্ড আৰু বেনাৰ প্ৰদৰ্শন কৰি ৰাইজৰ মাজত শব্দ প্ৰদূষণৰ প্ৰভাৱ সম্পৰ্কে অৱগত কৰি ৰাইজক সজাগ কৰে (International noise awareness day) । আনহাতে ৰেলীত বিশিষ্ট চিকিৎসক ডাঃ প্ৰদুল হাজৰিকা, ডাঃ সুভাষ খান্না, ডাঃ মিহিৰ বৰুৱা, ডাঃ বিজুলী গোস্বামী, ডাঃ অঞ্জলি বৰুৱাকে ধৰি ভালেসংখ্যক বিশেষজ্ঞ চিকিৎসকে অংশ গ্ৰহণ কৰে । তেওঁলোকে সকলো লোককে শব্দ প্ৰদূষণৰ ক্ষেত্ৰত সজাগ হোৱাৰ বাবে আহ্বান জনায়, যাতে শব্দমুক্ত পৃথিৱীত সকলোৱে শান্তিৰে জীয়াই থাকিব পাৰে আৰু ভৱিষ্যত প্ৰজন্মক শব্দ প্ৰদূষণৰ পৰা ৰক্ষা কৰিব পৰা যায় ।
লগতে পঢ়ক :Lawrence Bishnoi 14 days remand : গুজৰাট এটিএছৰ 14 দিনৰ জিম্মাত গেংষ্টাৰ লৰেন্স বিষ্ণৈ