গুৱাহাটী,১১ জুন:এছ’চিয়েশ্যন অৱ ৰবটিক এণ্ড ইন'ভেটিভ চাৰ্জনছৰ (এ আৰ আই এছ) অফিচিয়েল জাৰ্নেল 'ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ এডভান্সড ৰবটিক এণ্ড ইন'ভেটিভ চাৰ্জাৰী'ৰ দেওবাৰে প্ৰথমটো সংস্কৰণ মুকলি কৰা হয় । গুৱাহাটীত আয়োজন কৰা এক অনুষ্ঠানত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ইয়াৰ উন্মোচন কৰে ।
উল্লেখ্য যে, ২০২২ চনৰ এপ্ৰিল মাহত গুৱাহাটীত ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ প্ৰথম ৰবটিক চাৰ্জন এছ’চিয়েচন গঠন হয় । এবছৰৰ ভিতৰত এই এছ’চিয়েচনে ৮০গৰাকীতকৈ অধিক শল্য চিকিৎসকক প্ৰশিক্ষণ দিয়াৰ উপৰি চেন্নাইৰ শ্ৰীৰামচন্দ্ৰ স্বাস্থ্য আৰু শৈক্ষিক গৱেষণা প্ৰতিষ্ঠানৰ সৈতেও জড়িত হৈ পৰিছে ।
দেওবাৰে অনুষ্ঠিত এই অনুষ্ঠানত এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ড৹ অশোক পুৰাণিক আৰু গুৱাহাটীৰ আই আই টিৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক পি কে আয়াৰ বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত আছিল । অনুষ্ঠানত এছ’চিয়েশ্যন অৱ ৰবটিক এণ্ড ইন'ভেটিভ চাৰ্জনছৰ প্ৰতিষ্ঠাপক সভাপতি তথা জাৰ্নেলৰ মুখ্য সম্পাদক অধ্যাপক ডাঃ সুভাষ খান্নাই ভাষণ প্ৰসংগত সৰু চহৰত ৰবটিক ব্যৱস্থা স্থাপনৰ সমস্যাসমূহৰ বিষয়ে উল্লেখ কৰে ।
লগতে তেওঁ বিগত দুটা দশক ধৰি সমগ্ৰ বিশ্বতে ক্লিনিকেল আৰু শৈক্ষিক দৃষ্টিকোণ উভয় ক্ষেত্ৰতে এই উল্লেখযোগ্য প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ কেনেদৰে সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছে সেই বিষয়েও জানিবলৈ দিয়ে । তেওঁ ৰবটিক চাৰ্জাৰীৰ বিকাশৰ বাবে উৎসৰ্গিত প্ৰথমটো স্বতন্ত্ৰ এছিয়ান সংঘ, এছ’চিয়েশ্যন অৱ ৰবটিক এণ্ড ইন'ভেটিভ চাৰ্জনছৰ জন্মৰ বিষয়েও সদৰী কৰে ।
তেওঁ কয় যে, এছ’চিয়েশ্যনে চিকিৎসা উদ্ভাৱনক আগুৱাই নিবলৈ সকলো ধৰণৰ চেষ্টা চলাই থকাৰ লগতে অস্ত্ৰোপচাৰ বৰ্ত্তমান সময়ত উপলব্ধ আটাইতকৈ অত্যাধুনিক অস্ত্ৰোপচাৰ মডেলসমূহ প্ৰয়োগ কৰিবলৈ সুবিধা লাভ কৰাৰ লগতে শক্তিশালী প্ৰশিক্ষণ আৰু উন্নত সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াই ৰবটিক্সৰ ওপৰত এনেধৰণৰ প্ৰথমখন আলোচনী প্ৰকাশ কৰাৰ বাবে সম্পাদক মণ্ডলীক অভিনন্দন জ্ঞাপন কৰে । তেওঁ লগতে কয় যে, যেতিয়ালৈকে কাম আৰু ইয়াৰ ক্লিনিকেল ফলাফল বিশেষজ্ঞৰ দ্বাৰা পৰ্যালোচিত জাৰ্নেলত প্ৰকাশ নহয় তেতিয়ালৈকে কোনো কৌশল বা প্ৰক্ৰিয়াক সম্পন্ন হোৱা বুলি মান্যতা দিব নোৱাৰি ।