অসম

assam

ETV Bharat / state

পৰেশ বৰুৱালৈ এখন ৰহস্যজনক চিঠি : ETV EXCLUSIVE - ইটিভি ভাৰতলৈ পৰেশ বৰুৱাৰ ফোন

শনিবাৰে আলফাৰ সৰ্বাধিনায়ক পৰেশ বৰুৱালৈ শান্তি আলোচনাৰ বাবে এখন পত্ৰ প্ৰেৰণ কৰিছে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে ৷ কিন্তু এই পত্ৰ সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰিছে আলফা (স্বা)ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাই ৷ দেওবাৰে কোনো এক অজ্ঞাত স্থানৰ পৰা পৰেশ বৰুৱাই ইটিভি ভাৰতলৈ ফোন কৰি কয় যে, পত্ৰখন জেনেভাৰ পৰিৱৰ্তে মুম্বাইৰ পৰা প্ৰেৰণ কৰা হৈছে ৷

international-human-rights-council-sent-letter-to-paresh-baruah
পৰেশ বৰুৱালৈ এখন ৰহস্যজনক চিঠি

By

Published : May 30, 2021, 8:18 PM IST

Updated : May 30, 2021, 10:50 PM IST

গুৱাহাটী, 30 মে’ : আলফা (স্বা)ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাৰ সৈতে শান্তি আলোচনাৰ বিষয়টোৱে শেহতীয়াকৈ লাভ কৰিছে এক নতুন মাত্ৰা । আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ (IHRC) য়ে নিজাববীয়াকৈ এই শান্তি আলোচনাৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সঁহাৰি জনাইছে । প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে মানৱ অধিকাৰ পৰিষদে পৰেশ বৰুৱালৈ এখন পত্ৰও প্ৰেৰণ কৰিছে । য’ত শান্তি আলোচনাৰ বিষয়টোৰ প্ৰতি আলফা (স্বা)ৰ সৰ্বাধিনায়ক গৰাকীয়ে দেখুওৱা সঁহাৰিৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছে মানৱ অধিকাৰ পৰিষদে ।

পৰেশ বৰুৱালৈ এখন ৰহস্যজনক চিঠি

প্ৰয়োজন হ’লে এই শান্তি আলোচনা প্ৰক্ৰিয়াত পৰিষদ মধ্যস্থতাকাৰী হ’বলৈও সাজু বুলি কোৱা হৈছে । মন কৰিবলগীয়া যে, কালি অৰ্থাৎ শনিবাৰে কোনো অজ্ঞাত স্থানৰ পৰা পৰেশ বৰুৱাই ই টিভি ভাৰতক প্ৰায় আধা ঘন্টাজোৰা এক টেলিফোনিক সাক্ষাৎকাৰ প্ৰদান কৰিছিল । য’ত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছিল যে, এই পৰ্যন্ত আলোচনা সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা আলফা (স্বা) লৈ কোনো ধৰণৰ প্ৰস্তাৱ অহা নাই ।

ইফালে দেওবাৰে বিয়লি ভাগত পুনৰ কোনো এক অজ্ঞাত স্থানৰ পৰা পৰেশ বৰুৱাই ই টিভি ভাৰতলৈ ফোন কৰি এই পত্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ কয়, ‘‘আমি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ কাউন্সিল নামৰ এটা সংগঠনৰ পৰা কালি অৰ্থাৎ শনিবাৰে এখন পত্ৰ লাভ কৰা কথাতো সত্য ৷ কিন্তু এই পত্ৰ সন্দৰ্ভত আমাৰ কিছু সন্দেহ আছে ৷ পত্ৰখন জেনেভাৰ পৰিৱৰ্তে মুম্বাইৰ পৰা প্ৰেৰণ কৰা হৈছে ৷ যিটো সংগঠনৰ ফালৰ পৰা এই পত্ৰখন প্ৰেৰণ কৰা হৈছে, সেই সংগঠনটোৰ ঠিকনা দিয়া হৈছে মুম্বাই ৷ গতিকে স্বাভাৱিকতে প্ৰশ্ন উঠিছে যে, এই পত্ৰখন ৰাষ্ট্ৰসংঘৰ পৰা অহাৰ পৰিৱৰ্তে মুম্বাইৰ পৰা আহিল কিয়?’’

লগতে পঢ়ক :কৰ’ণা বিভীষিকা: পেটত গামোচা বান্ধিবলগীয়া হৈছে একাংশ কুমাৰে

Last Updated : May 30, 2021, 10:50 PM IST

ABOUT THE AUTHOR

...view details