গুৱাহাটী, ৬ আগষ্ট :ভাৰতৰ ক্ৰীড়াক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰদান কৰা ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান ‘ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা’ৰ নাম সলনি কৰি ‘মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা’ কৰা হৈছে । এই প্ৰসংগত টুইটাৰত প্ৰধানমন্ত্ৰী নৰন্দ্ৰে মোদীয়ে কয়- ‘‘দেশক গৰ্বিত কৰাৰ বহু মূহুৰ্তৰ মাজতে মোক অনেকেই অনুৰোধ কৰিছে যে খেলৰত্ন পুৰস্কাৰ মেজৰ ধ্যান চান্দক সমৰ্পন কৰা হওক । মানুহৰ এই আবেগৰ কথা মনত ৰাখিয়েই ৰাজীৱ গান্ধী খেলৰত্ন পুৰস্কাৰৰ নাম এতিয়াৰে পৰা ধ্যান চান্দ খেলৰত্ন ৰখা হ’ল ।’’
দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মানৰ নতুন নামাকৰণকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ দেৱাশীষ ৰয়ে । ইটিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত খ্যাতিমান ফুটবলাৰ দেৱাশীষ ৰয়ে কয়- ‘‘ক্ৰীড়াৰ পুৰস্কাৰ ক্ৰীড়াৰ লগত জড়িত ব্যক্তিৰ নামত হ'ব লাগে । এজন যোগ্য ব্যক্তিক যোগ্য সন্মান দিয়া হৈছে । হকীৰ যাদুকৰ ধ্যান চান্দক বিশ্বৰ সকলোৱে জানে ।’’ খেলুৱৈ হিচাপে এই বিষয়ত অত্যন্ত সুখ অনুভৰ কৰাৰ কথা সদৰি কৰে দেৱাশীষ ৰয়ে ।
লগতে পঢ়ক : ‘খেল ৰত্ন’ বঁটাক ধ্যান চান্দৰ নামেৰে নামাকৰণৰ সিদ্ধান্তক আদৰণি ভাৰতীয় ক্ৰীড়া সমিতিৰ