অসম

assam

ETV Bharat / state

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ কাৰ্যালয়ত নাৰী নিৰ্যাতন বিৰোধী দিৱস

সোমবাৰে পালন কৰা হয় আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস ৷ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ কাৰ্যালয়তো উদযাপন কৰা হয় নাৰী নিৰ্যাতন বিৰোধী দিৱস ৷

International Day for the elimination of violence against women observed at NF Railway Headquarter
উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ কাৰ্যালয়ত উদযাপন নাৰী নিৰ্যাতন বিৰোধী দিৱস

By

Published : Nov 26, 2019, 9:16 AM IST

গুৱাহাটী,25 নৱেম্বৰ: সমগ্ৰ দেশৰ লগতে মহানগৰী মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ত মজদুৰ ইউনিয়নৰ মহিলা গোটে সোমবাৰে আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস পালন কৰে । দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় । অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি লেখিকা তথা সমাজসেৱী মাধুৰী বৰাই নাৰী নিৰ্যাতনৰ ৰোধৰ ওপৰত বক্তৃতা প্ৰদান কৰে । বৰ্তমান সমাজত পুৰুষৰ সমানে নাৰী আগবাঢ়ি গৈছে যদিও বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে নিৰ্যাতিত হৈ আহিছে । এনে ক্ষেত্ৰত নিজৰ ঘৰৰ পৰা লৰা ছোৱালীক নাৰীক সন্মানৰ শিক্ষা প্ৰদান কৰাৰ লগতে স্কুল কলেজটো এই ক্ষেত্ৰত শিক্ষা দিয়া উচিত বুলি উল্লেখ মাধুৰী বৰাই ।

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ কাৰ্যালয়ত উদযাপন নাৰী নিৰ্যাতন বিৰোধী দিৱস
ইফালে ন্যায়াধীশ শকুন্তলা দেৱী আয়োগৰ নিয়মাৱলী কাৰ্যকৰী কৰি ধৰ্ষিতাসকলক ন্যায় প্ৰদান কৰিবলৈও চৰকাৰক দাবী জনায় মহিলাসকলে । তাৰোপৰি নাৰী সুৰক্ষাৰ বাবে চৰকাৰক গুৰুত্ব প্ৰদান কৰিবলৈও আহ্বান জনায় সভাত উপস্থিত মহিলাসকলে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details