গুৱাহাটী, 1 অক্টোবৰঃ 1 অক্টোবৰ অথাৎ আজি বিশ্বজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস ৷ বৰ্তমানৰ যান্ত্ৰিক যুগত এতিয়া যেন বহু পৰিমাণে অকলশৰীয়া হৈ পৰিছে জ্যেষ্ঠ নাগৰিক সকল । ইয়াৰ মাজতেই এই বিশেষ দিনটোত গুৱাহাটীত একত্ৰিত হৈ অনাবিল আনন্দ উপভোগ কৰিছে বহু জ্যেষ্ঠ ব্যক্তিসকলে ৷
আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱসৰ দিনটোতেই একত্ৰিত হৈছে এই সকল জেষ্ঠ বক্তি । হাঁহি কান্দোনৰ অলেখ স্মৃতি বিজড়িত অতীত ৰোমন্থন কৰিছে প্ৰতিজনে ৷ ইজনে-সিজনে আদান প্ৰদান কৰিছে বহু সুখ-দুখৰ বতৰা ।
দ্ৰুতগামী জীৱন পৰিক্ৰমাত আজি যেন এই সকল লোক হৈ পৰিছে যথেষ্ট অকলশৰীয়া । কাৰন আপোন জনৰ পৰা বহু দূৰৈত থাকি বৃদ্ধাৱাসেই হৈ পৰিছে জীৱনৰ শেষ ঠিকনা । অৱশ্যে এতিয়া ইয়াতেই বিচাৰি পাইছে এক অন্তৰভৰা মৰমৰ একাজলি সহানুভূতি । মহানগৰীৰ ভিন্ন প্ৰান্তত থাকে যদিও আজিৰ দিনটোতেই এজনে আনজনক লগ পাই হৈ পৰিছো আত্মবিভোৰ । কৈ গ'ল কেনেদৰে সময় কটাই তেওঁলোকে ।
বিশ্বজুৰি পালন আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস ইপিনে এই সকল লোকক এনেদৰে শুশ্ৰূষা কৰিবলৈ পায় যথেষ্ট সুখী দুই-যুৱক যুৱতী । প্ৰতিদিনেই তেওঁলোকৰ কাষত নিজৰ পৰিয়ালৰ ছাঁ ৰ দৰে লাগি আগবঢ়াই গৈছে সেৱা ৷ এনেদৰেই আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱসৰ দিনটোত সময় অতিবাহিত কৰাত সকলোৰে মনত দেখা গ'ল সন্তুষ্টিৰ হাঁহি ।