গুৱাহাটী, ২ মাৰ্চ: বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Cabinet Minister Sarbananda Sonowal) গুৱাহাটীত ছাংহাই সহযোগিতা সংস্থাৰ অধীনত পৰম্পৰাগত ঔষধৰ ওপৰত আয়োজন কৰা প্ৰথমখন বি টু বি (B2B) গ্ল'বেল কনফাৰেন্স এণ্ড এক্সপ'ৰ উদ্বোধন কৰে(International Conference and Expo)। এই উদ্বোধনী অনুষ্ঠানত ১৭ খন এছ চি অ' দেশৰ ডেৰ শতাধিক প্ৰতিনিধি উপস্থিত থাকে। আনহাতে পৰম্পৰাগত ঔষধ সংক্ৰান্তীয় চাৰিদিনীয়া এখন এক্সপ'ও মন্ত্ৰী সোণোৱালে উদ্বোধন কৰে (Inaugurated by Sarbananda Sonowal)।
এই উদ্বোধনী ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে আয়ুৰ্বেদ আৰু অন্যান্য পৰম্পৰাগত ঔষধ প্ৰণালীৰ জৰিয়তে উপলব্ধ প্ৰাকৃতিক সম্পদৰ শ্ৰেষ্ঠতম ব্যৱহাৰ কৰি মানুহক স্বাস্থ্যসেৱা প্ৰদান কৰিছে (Sarbananda Sonowal in International Expo)। তদুপৰি সাৰ্বজনীন স্বাস্থ্য কভাৰেজৰ লক্ষ্যত উপনীত কৰাৰ দিশতো ব্যৱহাৰ কৰিছে (Sarbananda Sonowal in International Conference)। ভাৰতৰ সমৰ্থনত জামনগৰত স্থাপন কৰা বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধৰ গ্ল'বেল চেণ্টাৰ (WHO-GCTM)টোৱে সদস্য দেশসমূহক পৰম্পৰাগত ঔষধৰ শিক্ষা আৰু পদ্ধতি শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ নিজ নিজ দেশত কাৰ্যকৰী পদক্ষেপ লোৱাত সহায় কৰিব ৷
এই উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় আয়ুষ আৰু মহিলা আৰু শিশুকল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী মহেন্দ্ৰভাই মুঞ্জাপাৰা, ম্যানমাৰৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ থেট খাইং ৱিন, মালদ্বীপৰ উপ-স্বাস্থ্যমন্ত্ৰী ছাফিয়া মহম্মদ ছৈয়দ আৰু আয়ুষ দপ্তৰৰ সচিব বৈদ্য ৰাজেশ কোটেছাই অংশ গ্ৰহণ কৰে। কেন্দ্ৰীয় আয়ুষ আৰু মহিলা আৰু শিশুকল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী মহেন্দ্ৰভাই মুঞ্জাপাৰাই ভাষণত কয় যে ভাৰতে আয়ুৰ্বেদ, যোগ, উনানি, সিদ্ধ, ছোৱা-ৰিগপা আৰু হোমিঅ'পেথি (আয়ুষ)ৰ শিক্ষা আৰু অনুশীলনৰ গুণগত নিশ্চয়তাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে। আয়ুষ সামগ্ৰীৰ মানদণ্ড নিশ্চিত কৰাৰ বাবে বহুতো নিয়ামক ব্যৱস্থাৰ লগতে স্বীকৃতি প্ৰণালীও আছে।
ভাৰতে পৰম্পৰাগত ঔষধ আৰু পশ্চিমীয়া ঔষধপ্ৰণালীক একত্ৰিত কৰাৰ বাবে দেশৰ "সংহত ঔষধ নীতি" বিকাশৰ বাবেও আগভাগ লৈছে। ইয়াৰ উপৰি নীতি বিকাশৰ বাবে যাৱতীয় প্ৰশিক্ষণ, গৱেষণা আৰু সুৰক্ষাও নিশ্চিত কৰিছে বুলি তেওঁ কয়।
আনহাতে ম্যানমাৰৰ স্বাস্থ্যমন্ত্ৰী ড৹ থেট খাইং উইনে কয় যে ম্যানমাৰত পৰম্পৰাগত ঔষধক এক অমূল্য ৰাষ্ট্ৰীয় ঐতিহ্য হিচাপে গণ্য কৰা হৈছে আৰু আমাৰ সংস্কৃতিত ইয়াৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। পৰম্পৰাগত ঔষধৰ বৰ্ধিত চাহিদাৰ সৈতে আমি প্ৰতিটো দিশতে পৰম্পৰাগত ঔষধৰ বিকাশত সহায় কৰি আহিছো। অনুষ্ঠানত মালদ্বীপৰ উপ-স্বাস্থ্যমন্ত্ৰী ছাফিয়া মহম্মদ ছৈয়দে এসময়ত কেনেদৰে পৰম্পৰাগত ঔষধেই লাখ লাখ লোকৰ উপাৰ্জনৰ মুখ্য উৎস আছিল, বিশেষকৈ উন্নয়নশীল দেশসমূহৰ গ্ৰামাঞ্চলৰ বাবে, সেই সন্দৰ্ভত আলোকপাত কৰে। তেওঁ এই ক্ষেত্ৰত শ্ৰেষ্ঠতম অনুশীলনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে বৰ্তমান এই পৰম্পৰাগত ঔষধ উদ্যোগটোক সহায় কৰিবলৈ আমাৰ আইনী পৰিকাঠামো আৰু নিৰ্দেশনাৰো অভাৱ আছে।