গুৱাহাটী, ৯ ডিচেম্বৰ :দুৰ্নীতিৰ কৰালগ্রাসে সমাজৰ সকলো ক্ষেত্ৰতে প্ৰভাৱাম্বিত কৰে । দুৰ্নীতিক সমূলাঞ্চে নিৰ্মূল কৰিব পাৰিলেহে এখন দেশ তথা এখন সমাজ প্ৰগতিৰ বাটেৰে আগুৱাব পাৰে । সেয়ে এখন সুস্থ আৰু নিকা সমাজ গঢ় দিবলৈ হ’লে দুৰ্নীতিক প্ৰতিৰোধ কৰিবই লাগিব । দুৰ্নীতিৰ বিৰুদ্ধে জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্য বৃহস্পতিবাৰে বিশ্বৰ লগতে দেশজুৰি পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস(International Anti Corruption Day 2021 ) ৷
আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱসৰ দিনাই ইটিভি ভাৰতৰ গুৱাহাটীৰ সাংবাদিক মনোজ কুমাৰ ডেকালৈ আগবঢ়োৱা হয় আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা-২০২১ সন্মান(International Anti Corruption Award) । বৃহস্পতিবাৰে মহানগৰীৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত সাংবাদিকগৰাকীক প্ৰদান কৰা এই বঁটা ৷ এই বঁটাৰ লগত আছে এখন প্ৰশস্তি পত্ৰ, এটা স্মাৰক, এখন শৰাই, এখন চেলেং চাদৰ, ফুলাম গামোচা আৰু উপহাৰৰ টোপোলা ।