অসম

assam

ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে ডঃ পূৰ্ণিমা দেৱী বৰ্মন !

ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰা পূৰ্ণিমা দেৱীৰ আন এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃতকাৰ্যতাই গৌৰৱ কঢ়িয়াই আনিছে অসমলৈ ।

international achievment of dr purnima devi barman
international achievment of dr purnima devi barman

By

Published : May 13, 2020, 8:48 PM IST

গুৱাহাটী, 13 মে':হাড়গিলাৰ দৰে দুষ্প্ৰাপ্য প্ৰজাতিৰ বিলুপ্তপ্ৰায় পক্ষীৰ উদ্ধাৰৰ হকে কাম কৰা এগৰাকী মহিলা ডঃ পূৰ্ণিমা দেৱী বৰ্মন । ইতিমধ্যে হাড়গিলা সংৰক্ষণেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰা পূৰ্ণিমা দেৱীৰ আন এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃতকাৰ্যতাই গৌৰৱ কঢ়িয়াই আনিছে অসমলৈ । বিশ্বৰ অন্যতম বিখ্যাত গ্ৰন্থ প্ৰকাশন গোষ্ঠী হাৰ্পাৰ কলিন্সে প্ৰকাশ কৰা শৈক্ষিক পাঠ্যপুথিত তেখেতৰ কামৰ আলোকপাত লিপিবদ্ধ কৰা হৈছে । তেওঁৰ কৰ্মৰাজিৰ লগতে হাড়গিলাৰ দৰে বিলুপ্তপ্ৰায় পক্ষী উদ্ধাৰৰ বিভিন্ন পদক্ষেপ সম্পৰ্কেও, বিশদভাৱে প্ৰকাশ পাইছে বিশ্বৰ বিভিন্ন দেশৰ ইংৰাজী মাধ্যমৰ সপ্তম শ্ৰেণীৰ পাঠ্যপুথি হিচাপে গ্ৰহণ কৰা ইংলিছ এলাইভত ।

ইংলিছ এলাইভত প্ৰকাশিত পাঠ্যক্ৰমটো

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনেদৰে কৃতিত্ব পাবলৈ সক্ষম হোৱা পূৰ্ণিমা দেৱীয়ে, হাৰ্পাৰ কলিন্স প্ৰকাশনলৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে হাড়গিলা সংৰক্ষণ হকে কৰি থকা যুদ্ধত সহযোগিতা আগবঢ়াই অহা, সকলো লোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

হাৰ্পাৰ কলিন্স প্ৰকাশনৰ পাঠ্যপুথি ইংলিছ এলাইভ

পূৰ্ণিমা দেৱীয়ে স্পষ্টভাৱে প্ৰকাশ কৰে যে, হাড়গিলাৰ হকে এই যুঁজৰ বাবে তেওঁ সদা প্ৰস্তুত । বৰ্তমান সময়ত পৰিৱেশ সম্পৰ্কে মানৱ জাতিৰ দায়িত্ববোধ তাকৰ যদিও, এনে ব্যক্তিও আছে যি পৰিবেশ আৰু জীৱ-জন্তু, চৰাই-চিৰিকতিৰ হকে কাম কৰি গৈছে । পৃথিৱীত প্ৰতিদিনে অৰণ্য বা হাবি জংঘল ধ্বংস হৈ অহাৰ ফলত পৰিৱেশৰ ভাৰসাম্য ধৰি ৰখাটো কঠিন হৈ পৰিছে । যাৰ বাবে পৰিৱেশ সম্পৰ্কে ভৱিষ্যতৎ প্ৰজন্মক সজাগ কৰিবলৈ ঘৰৰ পৰা প্ৰথম প্ৰচেষ্টা কৰিব লাগিব বুলিও উল্লেখ কৰে পূৰ্ণিমা দেৱীয়ে ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে ডঃ পূৰ্ণিমা দেৱী বৰ্মন !

আনহাতে অসমৰ শিক্ষা ব্যৱস্থাত বৰ্তমান পৰিৱেশ সম্পৰ্কীয় শিক্ষা কেৱল পাঠ্যক্ৰমতে নাৰাখি, ক্ষেত্ৰ অধ্যয়নৰ প্ৰয়োজনীয়তা আছে বুলি জানিবলৈ দিয়ে হাড়গিলা বাইদেউখ্যাত প্ৰকৃতিপ্ৰেমী গৰাকীয়ে ।

লগতে পঢ়কঃপ্ৰকৃতিপ্ৰেমৰ চানেকি দেখুওৱা যুৱকজন...

ABOUT THE AUTHOR

...view details