অসম

assam

ETV Bharat / state

Congress internal clash: নগাঁও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক লৈ খোৱা-কামোৰা; হাইকমাণ্ডৰ শৰণাপন্ন ভূপেন বৰা - Congress internal clash

কোন হ’ব নগাঁও জিলা কংগ্ৰেছৰ নতুন সভাপতি ? এতিয়াও শেষ হোৱা নাই জল্পনা-কল্পনা ৷ উপ-সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াক সভাপতিৰ কাম-কাজ চলাই নিয়াৰ বাবে সাময়িক দায়িত্ব প্ৰদান কৰিলেও স্থায়ী সভাপতি বাছনিক লৈ বিমোৰত পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ৷ নগাঁৱত আৰম্ভ হৈছে তিনি নেতাৰ মাজত ভিতৰুৱা লবীকেন্দ্ৰিক ৰাজনীতি ৷

Congress internal clash
নগাঁও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্বাচনকলৈ খোৱা-কামোৰা

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 3:18 PM IST

গুৱাহাটী, ১৩ নৱেম্বৰ: লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ দলত মোক্ষম আঘাত দি নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ পদ ত্যাগ কৰিলে সুৰেশ বৰাই ৷ ইয়াৰ পিছতে নতুনকৈ নগাঁও জিলা কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াক লৈ কংগ্ৰেছৰ ভিতৰচ’ৰাত লবীকেন্দ্ৰিক ৰাজনীতি আৰম্ভ হোৱা পুনৰ প্ৰতিফলিত হৈছে । নগাঁও জিলা কংগ্ৰেছৰ সভাপতি নিযুক্তিক লৈ যে কংগ্ৰেছৰ ওপৰ মহলত কুটিল ৰাজনীতি আৰম্ভ হৈছে সেয়া প্ৰতিফলিত হৈছে ।

নগাঁও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্বাচনকলৈ খোৱা-কামোৰা

উল্লেখ্য যে যোৱা ১১ নৱেম্বৰত নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাসহ কেইবাগৰাকীও কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ নেতাই বিজেপিত যোগদান কৰিছিল । এতিয়া সুৰেশ বৰাৰ পদত অৰ্থাৎ নগাঁও জিলা কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তিক লৈ সাংসদ গৌৰৱ গগৈ, সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক ৰকিবুল‌ হুছেইনৰ মাজত শীতল যুঁজ আৰম্ভ হৈছে ।

সুৰেশ বৰাই বিজেপিত যোগদান কৰাৰ পিছতে সংবাদমেল আয়োজন কৰি নগাঁৱৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে কয়, ‘‘কংগ্ৰেছ দলে সুৰেশ বৰাক তিনিবাৰকৈ বঢ়মপুৰ সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ পাছতো তেওঁ নিৰ্বাচনত পৰাজয়বৰণ কৰে । সেয়ে তেওঁ নিৰাশ আৰু হতাশ হৈ পৰিছে । তেওঁ বৰ্তমান ৰাজনীতিৰ পৰা সন্ন্যাস লোৱাৰ দৰে হৈছে । বিভিন্ন অৰাজনৈতিক অসুবিধাৰ বাবেহে সুৰেশ বৰা এতিয়া বিজেপিলৈ গৈছে ।’’

ব্যৱসায়িক লাভালাভৰ বাবে সুৰেশ বৰাই ‘কম্প্ৰ'মাইজ’ কৰা বুলিও ৰকিবুল হুছেইনে সংবাদমেলত মন্তব্য কৰে । ৰকিবুল হুছেইনে সুৰেশ বৰাৰ বিষয়ে বিশেষ ক'বলগীয়া নাই বুলি কৈছিল ।

ইফালে নগাঁও জিলা কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তিক লৈ সাংসদ গৌৰৱ গগৈ, সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক ৰকিবুল‌ হুছেইনৰ মাজত শীতল যুঁজ ইতিমধ্যে আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে । প্ৰত্যেকেই নিজৰ পছন্দৰ সভাপতি নিযুক্তি কৰাক লৈ ৰাজনীতি আৰম্ভ কৰা বুলি ভিতৰুৱা সূত্ৰই জনাইছে । যাৰ বাবে নগাঁওঁ জিলা কংগ্ৰেছৰ সভাপতি পদৰ বাবে এ আই চি চিৰ অনুমোদন বিচাৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা হাইকমাণ্ডৰ শৰণাপন্ন হৈছে ।‌

সাধাৰণতে জিলা কংগ্ৰেছৰ সভাপতি নিযুক্তিৰ ক্ষেত্ৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিক কৰ্তৃত্ব দিয়া আছে ।‌ কিন্তু নতুন সভাপতি নিযুক্তিক লৈ সাংসদ গৌৰৱ গগৈ, সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক ৰকিবুল‌ হুছেইনৰ মাজত ভিতৰুৱাকৈ যুঁজ চলাৰ বাবে এ আই চি চিৰ শৰণাপন্ন হোৱাৰ বাহিৰে কোনো উপায় নাই ভূপেন বৰাৰ হাতত ।

উল্লেখ্য যে অসম প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সম্পাদক বিপুল গগৈয়ে জাননী জাৰি কৰা মতে " নগাঁও জিলাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা, কংগ্ৰেছ সাংসদ আৰু বিধায়কসকলৰ সৈতে আলোচনা কৰি নগাঁও জিলা কংগ্ৰেছৰ সভাপতি পদৰ অনুমোদনৰ বাবে এ আই চি চি-লৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে । সেয়েহে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাইহে নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয় চোৱাচিতা কৰাৰ দায়িত্ব প্ৰশান্ত কুমাৰ শইকীয়া (অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক)ক প্ৰদান কৰিছে । নগাঁওঁ জিলা কংগ্ৰেছৰ‌ কমিটীৰ স্থায়ী সভাপতি নিযুক্তি নোহোৱালৈকে প্ৰশান্ত কুমাৰ শইকীয়াক উপ-সভাপতি হিচাপে নগাঁও জিলা কংগ্ৰেছৰ‌ কমিটীৰ দৈনন্দিন দলীয় কাৰ্যকলাপ পৰিচালনা কৰাৰ দায়িত্ব প্ৰদান কৰিছে ।"

লগতে পঢ়ক:Jal Jeevan Mission : জলজীৱন মিছনৰ ঠিকাৰ চি বি আই তদন্ত দাবী কংগ্ৰেছ নেতা ৰকিবুলৰ

ABOUT THE AUTHOR

...view details