গুৱাহাটী, 3 নৱেম্বৰ:চতুৰ্থ সংখ্যক জিলা ভিত্তিক যোগ ক্ৰীড়া প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে মালিগাঁৱৰ কুঁহি ডেকাই । কামৰূপ মহানগৰ জিলা যোগ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাইস্থিত ছেমফৰ্ড বিদ্যালয়ত অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন । কৰ'ণা অতিমাৰীৰ বাবে অতি কম সংখ্যক প্ৰতিযোগী আৰু দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত কৰা হৈছিল জিলা ভিত্তিক যোগ ক্ৰীড়া প্ৰতিযোগিতা ।
জিলাভিত্তিক যোগ ক্ৰীড়া প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ খিতাপ কুঁহি ডেকাৰ - inter district yoga competition
গুৱাহাটীৰ সৰুসজাইস্থিত ছেমফৰ্ড বিদ্যালয়ত অনুষ্ঠিত হোৱা চতুৰ্থ সংখ্যক জিলা ভিত্তিক যোগ ক্ৰীড়া প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে মালিগাঁৱৰ কুঁহি ডেকাই ।
শ্ৰেষ্ঠত্বৰ খিতাপ কুঁহি ডেকা
প্ৰতিযোগিতাৰ ১০-১২ বছৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰিছে কুঁহি ডেকাই। বিগত চাৰি বছৰ ধৰি ধাৰাবাহিকভাৱে শ্ৰেষ্ঠত্বৰ খিতাপ লাভ কৰি আহিছে কুঁহিয়ে । কণমানি কুঁহিৰ সাফল্যত অতিকৈ আনন্দিত পৰিয়ালৰ লগতে তেওঁৰ প্ৰশিক্ষক । উল্লেখ্য যে, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া যোগ প্ৰতিযোগিতাৰ বাবে সম্প্ৰতি প্ৰস্তুতি আৰম্ভ কৰিছে কণমানিগৰাকীয়ে ।
লগতে পঢ়ক:ভাৰতীয় এথলেটিকছ ফেডাৰেছনৰ নৱ নিৰ্বাচিত উপ-সভাপতি লক্ষ্য কোৱঁৰক সম্বৰ্ধনা