অসম

assam

ETV Bharat / state

Medical Colleges in Assam : স্বাস্থ্য খণ্ডৰ দুৰৱস্থা; ৰাজ্যৰ ১২ খন চিকিৎসা মহাবিদ্যালয়ত ৪৫৬ জন চিকিৎসকৰ অভাৱ - Insufficient Medical Facility in Medical Colleges

অসমৰ স্বাস্থ্য খণ্ডৰ উন্নয়ন প্ৰকৃত অৰ্থত হোৱা নাই সেই কথা শেহতীয়া বিধানসভাৰ শৰৎকালীন অধিৱেশনত উন্মোচন হৈছে ৷ বিৰোধী দলৰ কেইবাগৰাকীও বিধায়কে সোধা প্ৰশ্নৰ উত্তৰত অসমৰ স্বাস্থ্য খণ্ডৰ ফোপোলা স্বৰূপ ওলাই পৰিছে ৷

Medical Colleges in Assam
চিকিৎসা মহাবিদ্যালয়সমূহত বহু সংখ্যক প্ৰয়োজনীয় চিকিৎসকৰ পদ খালী

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 8:07 PM IST

গুৱাহাটী, 18 ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত‌ বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অসমৰ স্বাস্থ্য খণ্ডৰ উন্নয়ন হোৱা বুলি দাবী কৰি থাকিলেও যে অসমৰ স্বাস্থ্য খণ্ডৰ উন্নয়ন প্ৰকৃত অৰ্থত হোৱা নাই সেই কথা শেহতীয়া বিধানসভাৰ শৰৎকালীন অধিৱেশনত উন্মোচন হৈছে ৷ অসমৰ স্বাস্থ্য খণ্ড সন্দৰ্ভত বিৰোধী দলৰ কেইবাগৰাকীও বিধায়কে সোধা প্ৰশ্নৰ উত্তৰত অসমৰ স্বাস্থ্য খণ্ডৰ ফোপোলা স্বৰূপ ওলাই পৰিছে ৷

মনকৰিবলীয়া যে মুখ্যমন্ত্ৰী হিমন্ত‌ বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অসমত কেইবাখনো চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি চমক সৃষ্টি কৰিছে যদিও চিকিৎসা মহাবিদ্যালয়সমূহত বহু সংখ্যক প্ৰয়োজনীয় চিকিৎসকৰ পদ খালী হৈ আছে ৷ চিকিৎসা মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় চিকিৎসকৰ অভাৱৰ বাবে বহু কেইটা চিকিৎসা বিভাগ চিকিৎসা মহাবিদ্যালয়সমূহত আৰম্ভ কৰিব পৰা নাই ৷ আনহাতে ৰাজ্যত প্ৰয়োজনীয় উপ-স্বাস্থ্য কেন্দ্র, প্রাথমিক স্বাস্থ্য কেন্দ্ৰ, সহযোগী স্বাস্থ্য কেন্দ্ৰ, মহকুমা চিকিৎসালয়, জিলা চিকিৎসালয়, সামূহিক স্বাস্থ্য কেন্দ্ৰ নাই ৷

ৰাজ্যখনৰ কেইবাখনো জিলাত নাই জিলা চিকিৎসালয় ৷ তদুপৰি চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰবোৰত বিভিন্ন বিভাগৰ বহুত পদ খালী হৈ আছে ৷ উল্লেখযোগ্য যে, শেহতীয়া বিধানসভাৰ শৰৎকালীন অধিৱেশনত কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে অসমৰ চিকিৎসা মহাবিদ্যালয় সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই সদনত দাখিল কৰা তথ্যমতে অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত বর্তমান ২,৪৩৮ জন চিকিৎসক কৰ্মৰত অৱস্থাত আছে আৰু ৪৫৬ জন চিকিৎসকৰ প্ৰয়োজন আছে ৷

স্বাস্থ্য খণ্ডৰ ফোপোলা স্বৰূপ
স্বাস্থ্য খণ্ডৰ ফোপোলা স্বৰূপ

উল্লেখযোগ্য যে অসমত চিকিৎসা মহাবিদ্যালয় ১২ খন আছে ৷ ঠিক সেইদৰে উপ-স্বাস্থ্য কেন্দ্র ৪,৭৫৮, প্রাথমিক স্বাস্থ্য কেন্দ্ৰ ১,০১৮, সহযোগী স্বাস্থ্য কেন্দ্ৰ ৬৩, মহকুমা চিকিৎসালয় ১৫, জিলা চিকিৎসালয় ২১, সামূহিক স্বাস্থ্য কেন্দ্ৰ ২১০ খন আছে ৷ উল্লেখযোগ্য যে যোৱা বাজেটতে প্রত্যেকটো বিধান সভা সমষ্টিতে প্রথম পৰ্যায়ত এখনকৈ বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰাৰ কথা বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছিল ৷ কিন্তু এতিয়ালৈকে এখনো বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই; কাৰ্যক্ষম কৰা দূৰৈৰ কথা ৷

মন কৰিবলগীয়া যে শেহতীয়া বিধানসভাৰ শৰৎকালীন অধিৱেশনত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই সদনত দাখিল কৰা তথ্যমতে বাজেটৰ ঘোষণা মর্মে, প্রত্যেকটো বিধানসভা সমষ্টিতে প্রথম পৰ্যায়ত এখনকৈ বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ বিভাগীয় সিদ্ধান্ত অনুসৰি অনুমোদনৰ যাৱতীয় ব্যৱস্থা কৰি থকা হৈছে । ইতিমধ্যে ১১৬ খন বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় প্ৰক্ৰিয়া শেষ পৰ্যায়ত আছে ৷ পৰবৰ্তী পৰ্যায়ত অৰ্থাৎ ২০২৫-২৬ চনৰ ভিতৰত মুঠ ১,০০০ খন বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

লগতে পঢ়ক :Ranee Narah Summoned By CM Vigilance: সাংসদ পুঁজিৰ ধন অপব্যৱহাৰ: ৰাণী নৰহলৈ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ চমন

ABOUT THE AUTHOR

...view details