নগাঁও, 12 অক্টোবৰ: এটাৰ পিছত যেন আন এটা বিপদৰ সন্মুখীন হৈছে এছ পি লীনা দলে । সম্প্ৰতি ৰাজ্যজুৰি চৰ্চিত হৈছে আৰক্ষী বিষয়া লীনা দলে । এগৰাকী আৰক্ষী বিষয়াৰ মৃত্যুৰ বিতৰ্কত সাঙোৰ খোৱাৰ পিচতেই নগাঁৱৰ পৰা হাইলাকান্দি জিলালৈ আৰক্ষী অধীক্ষক হিচাপেই বদলি হোৱা লীনা দলে এইবাৰ জবাবদিহি হ'ল বটদ্ৰৱাকাণ্ডৰ এজনীয়া তদন্ত কমিটীৰ ওচৰত ।
২০২২ চনৰ ২১ মে'ত সংঘটিত হৈছিল এই ভয়ংকৰ কাণ্ড ৷ বটদ্ৰৱাৰ শালনাবড়িৰ ছফিকুল ইছলাম নামৰ এগৰাকী মৎস্য ব্যৱসায়ীৰ আৰক্ষীৰ জিম্মাতে মৃত্যু হোৱাৰ পিছত এইদৰে উত্তেজিত হৈ পৰিছিল একাংশ লোক । আৰক্ষী থানাত আক্ৰমণ কৰাই নহয়, জ্বলাই দিয়া হৈছিল বটদ্ৰৱা থানা । আৰক্ষী থানা জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰিছিল । জ্বলি ছাঁই হৈছিল আৰক্ষীৰ অস্ত্ৰ ভাণ্ডাৰো ।
এইগৰাকী এ পি এছ বিষয়া নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হৈ থকা সময়তে একাংশ আক্ৰমণকাৰীৰ পৰা ৰক্ষা পৰা নাছিল বটদ্ৰৱা থানা ৷ আৰক্ষী থানাকে সুৰক্ষা দিব নোৱাৰা নগাঁও আৰক্ষীয়ে উৰহৰ খং ভগা ধাৰিত তুলি পিচদিনাই বুলড’জাৰ চলাই ভাঙি লণ্ড-ভণ্ড কৰিছিল মৃত্যু হোৱা ছফিকুল ইছলামৰ লগতে আত্মীয়ৰ বাসগৃহ ।