আজাৰা , 1 মে' : মহানগৰীৰ গাতে লাগি থকা ৰাণীত উদ্ধাৰ হৈছে এটা আঘাতপ্ৰাপ্ত বন্যহস্তী । ৰাণীৰ ছাটাৰগাও নামৰ ঠাইত পিতনিত পৰি থকা অৱস্থাত উদ্ধাৰ হয় হাতীটো । স্থানীয়লোকে হাতীটো এনেদৰে প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ হাতীটোক উদ্ধাৰ কৰে ।
ৰাণীত উদ্ধাৰ আঘাতপ্ৰাপ্ত বন্যহস্তী - ETV BHARAT
ৰাণীৰ ছাটাৰগাও নামৰ ঠাইৰ পিতনিত পৰি থকা অৱস্থাত উদ্ধাৰ হয় হাতীটো । খাদ্যৰ সন্ধানত নিশা হাতীটো মানুহৰ বসতিস্থানলৈ ওলাই আহি আন্ধাৰৰ বাবে পিতনিত পৰি আঘাতপ্ৰাপ্ত হোৱা বুলি সন্দেহ কৰা হৈছে ।
ৰাণীত উদ্ধাৰ আঘাতপ্ৰাপ্ত বন্যহস্তী
হাতীটোৰ ভৰিত আঘাত পোৱা বাবে হাতীটো এনেদৰে পিতনিত পৰি থকা বুলি জনায় বনবিভাগে । খাদ্যৰ সন্ধানত নিশা হাতীটো মানুহৰ বসতিস্থানলৈ ওলাই আহি আন্ধাৰৰ বাবে পিতনিত পৰি আঘাতপ্ৰাপ্ত হোৱা বুলি সন্দেহ কৰা হৈছে ।