অসম

assam

ETV Bharat / state

ৰাজ্যত প্ৰথমটো বানত আন্তঃগাঁথনিৰ ক্ষতি ৫০০০ কোটি টকা ! - 56 revenue circles in 22 districts of Assam are under flood impact

বছৰটোৰ প্ৰথমটো বানত বিধ্বস্ত ৰাজ্যৰ ভিন্ন প্ৰান্ত(Flood in Assam) । উজনিৰ পৰা নামনিলৈ প্ৰান্তে প্ৰান্তে বিস্তৰ ক্ষতি(Huge loss in Assam due to flood) । প্ৰথমটো বানতে ৰাজ্যৰ আন্তঃগাঁথনিৰ ক্ষতিৰ পৰিমাণ প্ৰায় ৫০০০ কোটি টকা ।

Infrastructure loss in the first flood in the state is five thousand crore
ৰাজ্যত প্ৰথমটো বানত আন্তঃগাঁথনিৰ ক্ষতি ৫০০০ কোটি টকা !

By

Published : May 24, 2022, 12:44 PM IST

গুৱাহাটী, ২৪ মে':বৰ্তমানেও স্বাভাৱিক হোৱা নাই ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি(Flood in Assam) । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে, বৰ্তমানেও ৰাজ্যৰ ২২ খন জিলা বানৰ কভলত আছে(56 revenue circles in 22 districts of Assam are under flood impact) । ৰাজ্যৰ ২২ খন জিলাৰ ৫৬ টা ৰাজহ চক্ৰ বানৰ কবলত পৰিছে(Huge loss in Assam due to flood) ।

বৰ্তমানো ৰাজ্যৰ ভিতৰত সৰ্বাধিক বৰপেটা জিলাৰ ৫ টা ৰাজহ চক্ৰৰ ২৫৫ খন গাঁও, কামৰূপ জিলাৰ ১০ খন ৰাজহ চক্ৰ ২৫৫ গাঁও, গোৱালপাৰৰ জিলাৰ ৫ খন ৰাজহ চক্ৰৰ ২৬৩ খন গাঁও আৰু ধুবুৰীৰ ১০০ খন গাঁও বানৰ কবলত পৰিছে । ৰাজ্য চৰকাৰে বানপীড়িত জিলাবোৰত বানাক্ৰান্তসকলৰ বাবে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় বুলি অভিযোগ উত্থাপিত হৈছে ।

বানৰ কবলত পৰা বৰপেটা জিলাৰ ৫টা ৰাজহ চক্ৰৰ ২৫৫ খন গাঁৱৰ বাবে চৰকাৰে মাত্ৰ পাঁচটা আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে । ঠিক তেনেদৰে বানৰ কবলত থকা গোৱালপাৰৰ জিলাৰ ৫টা ৰাজহ চক্ৰৰ ২৬৩ খন গাঁৱৰ বাবে মাত্ৰ পাঁচটা আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে ।

আকৌ বানৰ কবলত থকা কামৰূপ জিলাৰ ১০টা ৰাজহ চক্ৰৰ এলেকাৰ বিশেষভাৱে সক্ষম লোকৰ বাবে মাত্ৰ তিনিটা আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে । উল্লেখ্য যে, ৰাজ্যৰ শেহতীয়া বানত পথ, চৰকাৰী-বেচৰকাৰী গৃহ, মথাউৰি, দলঙকে ধৰি প্রায় ৩৫০০ কোটি টকাৰ আন্তঃগাঁথনিৰ ক্ষতি হোৱাৰ প্ৰাৰম্ভিক অনুমান কৰা হৈছে । অসম চৰকাৰৰ দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই এই সম্পর্কত বৰ্তমানেও সমীক্ষা চলাই আছে ।

কিন্তু বহু ক্ষতিগ্রস্ত এলেকাত সমীক্ষা কৰাটো এতিয়াও সম্ভৱ হোৱা নাই । চূড়ান্ত সমীক্ষাৰ অন্তত ভয়াৱহ বানত সামগ্রিক আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতিৰ হিচাপ পোহৰলৈ আহিব । কিন্তু প্রাথমিক আনুমানিক সমীক্ষা মতে, শেহতীয়া বানত প্রায় ৩৫০০ কোটি টকাৰ ক্ষতি হোৱা বুলি ধাৰণা কৰা হৈছে । অৱশ্যে ডিমা হাছাও জিলাৰ ৰে’ল ষ্টেচন আৰু ৰে’লপথৰ ক্ষতিৰ জৰীপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই কৰি আছে ।

উল্লেখ্য যে, ২০২১-২২ চনৰ কেইবাটাও বানত আন্তঃগাঁথনিৰ ক্ষয়-ক্ষতিৰ পৰিমাণ আছিল ১,০১৮.১৫ কোটি টকা । ২০২০-২১ চনত হোৱা বানত ২৬৪২.৯৯ কোটি টকাৰ আন্তঃগাঁথনিৰ ক্ষতি হৈছিল । ৰাজ্য চৰকাৰৰ আন্তঃগাঁথনিৰ ক্ষতিৰ হিচাপ কৰি কেন্দ্ৰৰ পৰা পুঁজি বিচাৰিছিল । কিন্তু কেন্দ্ৰীয় চৰকাৰে কণা হাঁহক পতান দিয়াৰ দৰেই উল্লিখিত ক্ষতিৰ পুনৰ নিৰ্মাণৰ বাবে বিত্তীয় সাহায্য অসম চৰকাৰক দিছিল ।

২০২০-২১ চনৰ ১০১৮.১৫ কোটি টকাৰ ক্ষতিৰ বিপৰীতে কেন্দ্রই ৪৪ কোটি টকা আৰু ২০২১-২২ চনৰ ২৬৪২.৯৯ কোটি টকাৰ ক্ষতিৰ বিপৰীতে কেন্দ্ৰই ৫৪ কোটি টকাহে বিশেষ সাহায্য হিচাপে দিছিল । তাৰ ফলত দুটা বিত্তীয় বছৰৰ আন্তঃগাঁথনিৰ ক্ষতিৰ পুনৰ নির্মাণ অসম চৰকাৰে কৰিব পৰা নাই । বানৰ ফলত হোৱা আন্তঃগাঁথনিৰ ক্ষতিৰ পুনৰ নিৰ্মাণত অসম চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে ।

যোৱা দুটা বছৰৰ আন্তঃগাঁথনিৰ ক্ষতিৰ পুনৰ নির্মাণত ব্যৰ্থ হোৱাৰ পাছত এইবাৰৰ বানে বিস্তৃত আন্তঃগাঁথনিৰ ক্ষতি কৰিছে । এই পর্যন্ত প্ৰাৰম্ভিক সমীক্ষাতেই ৰে’লৱেৰ ক্ষতি বাদ দি প্রায় ৩৫০০ কোটি টকাৰ ক্ষতি হৈছে । চূড়ান্ত সমীক্ষা হ'লে হয়তো আন্তঃগাঁথনিৰ ক্ষতি ৫০০০ কোটি টকাৰো অধিক হ'ব পাৰে ।

কণা হাঁহক পতান দিয়াৰ দৰেই পূৰ্বৰ দুটা বছৰত অসমক প্ৰতাৰণা কৰা কেন্দ্ৰই পৰৱৰ্তী সময়ত কেনেদৰে সাহায্য দিয়ে, সেয়া সময়ত লক্ষণীয় হ'ব । শেহতীয়া বানত ৯ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে । এক লাখৰো অধিক হেক্টৰ শস্য ভূমি, তিনি হাজাৰৰো অধিক গাঁৱৰ ক্ষতিসাধন হৈছে । প্রায় ১৫৫ টা পথ বিধ্বস্ত হৈছে । দলং, মথাউৰি বানে ধ্বংস কৰিছে ।

লগতে পঢ়ক:বেংগালুৰুত ৰহস্যজনক মৃত্যুক সাৱটিলে বিহপুৰীয়াৰ মৌচুমীয়ে

ABOUT THE AUTHOR

...view details