নাৰী সুৰক্ষাৰ ক্ষেত্ৰত সজাগতাৰ বাবে ইণ্ডোনেছিয়াৰ পিতা-পুত্ৰৰ বিশেষ যাত্ৰা
ইণ্ডোনেছিয়াৰ পিতা-পুত্ৰৰ বিশেষ যাত্ৰা ৷ নাৰী সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ সংকল্পৰে এই যাত্ৰা । ম্যানমাৰৰ পৰা গুৱাহাটীত উপস্থিত পিতা-পুত্ৰ
গুৱাহাটী,13 আগষ্ট : লিলিক গুমাৱান নামৰ এইগৰাকী ইণ্ডোনেছিয়াৰ প্ৰাক্তন বিধায়কে নিজ চাৰিবছৰীয়া কণমানিক লগত লৈ মটৰ চাইকেলেৰ বিশ্ব ভ্ৰমণৰ এক যাত্ৰা আৰম্ভ কৰিছে। ম্যানমাৰৰ পৰা গুৱাহাটীত উপস্থিত পিতা-পুত্ৰ ৷ ইণ্ডোনেছিয়াৰ পৰা আৰম্ভ কৰা এই সজাগতামূলক যাত্ৰাৰ অন্ত পৰিব ছৌদি আৰৱৰ মক্কাত ৷ পিতা পুত্ৰৰ এই যাত্ৰাৰ আঁৰত আছে এক মহৎ উদ্দেশ্য। মাতৃক জীৱিত কালতে সন্মান আৰু নাৰী সুৰক্ষাৰ ক্ষেত্ৰত সকলোকে সজাগ কৰাৰ লক্ষ্যৰে লিলিক গুমাৱানে তেওঁৰ নিজ ৪ বছৰীয়া পুত্ৰ আহমেদী বেলদাক লগত লৈ ভ্ৰমণ কৰিছে বিশ্বৰ বিভিন্ন স্থানলৈ । পিতা পুত্ৰই এইদৰে মানুহৰ মাজত বিলাই গৈছে মাতৃ সুৰক্ষাৰ বাৰ্তা ।
TAGGED:
Former MLA story