অসম

assam

By

Published : Mar 21, 2021, 2:24 PM IST

ETV Bharat / state

পৰোক্ষভাৱে মহাজোঁটৰ লগত এজেপি আৰু ৰাইজৰ দল !

এজেপিয়ে কংগ্ৰেছ নেতৃত্বৰ মহাজোঁটৰ অংশীদাৰ দল বি পি এফক সমৰ্থন জনাই কাৰ্যতঃ পিছদুৱাৰেদি মহাজোঁটৰ অংশীদাৰ হৈছে। বি পি এফক এজেপি আৰু ৰাইজৰ দলৰ সমৰ্থন । কেইবাটাও সমষ্টিত কংগ্ৰেছক সমৰ্থন ৰাইজৰ দলৰ ।

পৰোক্ষভাৱে মহাজোঁটৰ লগত এজেপি আৰু ৰাইজৰ দল..!
পৰোক্ষভাৱে মহাজোঁটৰ লগত এজেপি আৰু ৰাইজৰ দল..!

গুৱাহাটী,২১ মাৰ্চ:প্ৰতক্ষ্যভাৱে মহাজোঁটৰ অংশীদাৰ নহ'লেও পৰোক্ষভাৱে মহাজোঁটৰ প্ৰতি সমৰ্থন আগবঢ়াইছে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে । অসম জাতীয় পৰিষদ চমুকৈ এজেপি আৰু ৰাইজৰ দলে মিত্রতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছে যদিও বহু কেইটা সমষ্টি মহাজোঁটৰ অংশীদাৰ দলক এৰি দিছে। লক্ষণীয় বিষয় যে এইবাৰৰ নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাটোৱেই হৈছে প্ৰতিটো দলৰ অন্যতম প্ৰধান লক্ষ্য । যাৰবাবে মহাজোঁটৰ লগতে ৰাইজৰ দল আৰু এজেপি মিত্রদলে বহু সমষ্টিত ভিতৰুৱাকৈ বুজাবুজি কৰা পৰিলক্ষিত হৈছে।

উল্লেখ যে, কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে এজেপি আৰু ৰাইজৰ দলক বিজেপিৰ বি টীম বুলি সমালোচনা কৰাৰ বিপৰীতে বিজেপিয়েও দুয়োটা আঞ্চলিক দলক কংগ্ৰেছৰ বি টীম বুলি অভিহিত কৰিছিল । ইফালে এজেপিয়ে কোনো ৰাষ্ট্ৰীয় দলৰে মিত্রতা নকৰে বুলি বাৰম্বাৰ উল্লেখ কৰি অহাৰ সমান্তৰালভাৱে ৰাইজৰ দলে বিজেপিৰ দৰে এ আই ইউ ডি এফক স‍ম্প্ৰদায়িক দল বুলি অভিহিত কৰি যেতিয়ালৈকে কংগ্ৰেছৰ সৈতে এ আই ইউ ডি এফ থাকিব, তেতিয়ালৈকে তেওঁলোক কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ নহয় বুলি ঘোষণা কৰিছে।

পৰোক্ষভাৱে মহাজোঁটৰ লগত এজেপি আৰু ৰাইজৰ দল..!

কিন্তু দিন বাগৰাৰ লগে লগে দুটা দলৰ স্থিতি সলনি হোৱা পৰিলক্ষিত হৈছে। এজেপিয়ে কংগ্ৰেছ নেতৃত্বৰ মহাজোঁটৰ অংশীদাৰ দল বি পি এফক সমৰ্থন জনাই কাৰ্যতঃ পিছদুৱাৰেদি মহাজোঁটৰ অংশীদাৰ হৈছে । ইতিপূৰ্বে বি পি এফৰ পানেৰী সমষ্টিৰ প্ৰাৰ্থী কৰুণাকান্ত স্বৰ্গীয়াৰীৰ বক্তব্য অনুসৰি এজেপিয়ে বি পি এফক পূৰ্ণ সমৰ্থন আগবঢ়াইছে। ওদালগুৰি জিলাৰ চাৰিওটা সমষ্টি কলাইগাঁও, পানেৰী, ওদালগুৰি আৰু মাজবাটত এজেপিয়ে বি পি এফৰ প্ৰাৰ্থীক পূৰ্ণ সমৰ্থন দিছে।

পৰোক্ষভাৱে মহাজোঁটৰ লগত এজেপি আৰু ৰাইজৰ দল..!

লক্ষণীয় বিষয় যে বি পি এফ দলে প্ৰাৰ্থীত্ব আগবঢ়োৱা বিটিচিৰ ১২ টা সমষ্টিত এজেপিয়ে প্ৰাৰ্থী দিয়া নাই। নৱগঠিত এজেপিয়ে বি পি এফক কাৰ্যতঃ মুকলিকৈ সমৰ্থন আগবঢ়াইছে। মহাজোঁটৰ অংশীদাৰ হ'লেও বি পি এফ দলে এজেপি আৰু ৰাইজৰ দলৰ সৈতে সম্পৰ্ক অব্যাহত ৰাখিছে । ইফালে মহাজোঁটে এজেপি আৰু ৰাইজৰ দলৰ বাবে মিত্রতাৰ দুৱাৰ এতিয়াও খোলা ৰাখিছে।

মন কৰিবলগীয়া যে, এজেপিয়ে মহাজোঁটৰ প্ৰাৰ্থীৰ বিৰুদ্ধে মৰিয়নিত অলক ঘোষক, বটদ্ৰৱাত অৰূপ শইকীয়াক আৰু নাজিৰাত ৰিবুলয়া গগৈক দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল । সেই অনুসৰি তেওঁলোকে মনোনয়নো দাখিল কৰিছিল যদিও ৰহস্যজনকভাৱে মনোনয়ন বাতিল হয় । মহাজোঁটৰে কৰা গোপন বুজাবুজিৰ অংশ হিচাপেই উক্ত সমষ্টিকেইটাত এজেপিৰ প্ৰাৰ্থীৰ মনোনয়ন বাতিল হয় বুলি বিভিন্ন মহলে সন্দেহ প্ৰকাশ কৰিছে ।

পৰোক্ষভাৱে মহাজোঁটৰ লগত এজেপি আৰু ৰাইজৰ দল..!

ইয়াৰ বিপৰীতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মৰিয়নি সমষ্টিত মনোনয়ন দাখিল কৰা হয় যদিও শেষ মুহূৰ্তত প্ৰত্যাহাৰ কৰে মনোনয়ন । কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ জয় নিশ্চিত কৰাৰ বাবেই অখিল গগৈয়ে মৰিয়নিত নিজৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰে । ৰূপজ্যোতি কুৰ্মীয়েও তাৰবাবে অখিল গগৈৰ মাতৃক সেৱা জনাই আশীৰ্বাদ লয়। সেইদৰে ৰাইজৰ দলে বিজনী আৰু গোসাইগাঁও সমষ্টিত দলীয় প্ৰাৰ্থী দিছিল যদিও পাছত প্ৰত্যাহাৰ কৰে। ৰাইজৰ দলে সমষ্টি দুটাত বি পি এফক পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰে।

মুঠতে এজেপি আৰু ৰাইজৰ দলে সন্মুখৰ পৰা নহলেও পিছদুৱাৰেদি মহাজোঁটৰ অংশীদাৰ হৈ কাৰ্যতঃ কংগ্ৰেছক সহায় কৰা পৰিলক্ষিত হৈছে। এনে পৰিপ্ৰেক্ষিতত এজেপি আৰু ৰাইজৰ দল কংগ্ৰেছৰ বি টীম বুলি বিজেপিয়ে কৰা অভিযোগ কাৰ্যতঃ সত্য প্ৰমাণিত হৈছে নেকি বুলিও চৰ্চা চলিছে ।

উল্লেখ যে বিজেপিক প্ৰতিহত কৰাৰ ক্ষেত্রত কংগ্ৰেছকে ধৰি বাকী দলসমূহ কিমান দূৰ সফল হ'ব, তাৰ বাবে ২মে'লৈ অপেক্ষা কৰিব লাগিব।

লগতে পঢ়ক:প্ৰমিলাৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে হাগ্ৰামা মহিলাৰীয়ে

ABOUT THE AUTHOR

...view details