অসম

assam

ETV Bharat / state

মহাত্মা গান্ধী আৰু বল্লভ ভাই পেটেলক বিজেপিয়ে হাইজেক কৰিলেঃ তৰুণ গগৈ - ইন্দিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকী সংবাদ

ৰাজীৱ ভৱনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকীৰ লগতে চৰ্দাৰ বল্লভ ভাই পেটেলৰ 144 সংখ্যক জন্ম জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত ৷

মহাত্মা গান্ধী আৰু বল্লভ ভাই পেটেলক বিজেপিয়ে হাইজেক কৰিলেঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

By

Published : Oct 31, 2019, 9:52 PM IST

গুৱাহাটী, 31 অক্টোবৰঃ " মহাত্মা গান্ধী আৰু চৰ্দাৰ বল্লভ ভাই পেটেল কংগ্ৰেছৰ নেতা আছিল , কিন্তু এতিয়া বিজেপিয়ে নেতা দুগৰাকীক হাইজেক কৰিব বিচাৰিছে ৷ " প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকীৰ লগতে চৰ্দাৰ বল্লভ ভাই পেটেলৰ 144 সংখ্যক জন্ম জয়ন্তী উপলক্ষে ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷

মহাত্মা গান্ধী আৰু বল্লভ ভাই পেটেলক বিজেপিয়ে হাইজেক কৰিলেঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ আৰু বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে নেতা দুগৰাকীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাজীৱ ভৱনত এখন আলোচনা সভা অনুষ্ঠিত হয় ৷ সভাত নেতা দুগৰাকীৰ জীৱন আৰু কৰ্মশৈলীৰ ওপৰত বিতংভাৱে আলোচনা কৰে দলটোৱে ৷

উল্লেখ্যযোগ্য যে, সদ্য সমাপ্ত চাৰি সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰাজয়ৰ অংশীদাৰ তৃণমূল কৰ্মীৰ পৰা সভাপতিলৈকে বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷ ইয়াৰোপৰি তৰুণ গগৈ কংগ্ৰেছৰ পৰামৰ্শদাতা আৰু তেওঁৰ পৰামৰ্শ মতে কংগ্ৰেছে কাম কৰি যাব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক, 59 বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ABOUT THE AUTHOR

...view details