গুৱাহাটী, ১০ জুলাই : গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান কোঠৰ পৰা আজি ডিব্ৰুগড়লৈ উৰামৰা এখন ইণ্ডিগ’ বিমানে ৰহস্যজনকভাৱে ডিব্ৰুগড়ত অৱতৰণ নকৰাকৈয়ে উভতি আহি পুনৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান কোঠত অৱতৰণ কৰে । বিমানখনে ডিব্ৰুগড়ত অৱতৰণ নকৰি বৰঝাৰ বিমান কোঠত অৱতৰণ কৰাক লৈ ৰহস্য়ৰ সৃষ্টি কৰিছে ৷ প্ৰাথমিক তথ্য মতে, ডিব্রুগড়ৰ মোহনবাৰী বিমান কোঠত অৱতৰণৰ সমস্যাৰ বাবেই পুনৰ গুৱাহাটীলৈ উভতি আহিব লগা হ’ল ডিব্রুগড় অভিমুখী বিমানখন । ইণ্ডিগ’ৰ 6E 2652 বিমানখন প্রতিকূল বতৰৰ বাবে ওভতাই পঠিওৱা হ’ল । এই বিমানখনত আছিল মুঠ ১৮৭ গৰাকী যাত্রী ।
দৃশ্যমান্যতা কম থকাৰ বাবেই এই ঘটনা সংঘটিত হয় ৷ ডিব্রুগড় বিমান বন্দৰত থকা Instrumental Landing System নামৰ ব্যৱস্থাটো বন্ধ থকাৰ বাবেই বিমানখনে অৱতৰণ কৰিব নোৱাৰিলে বুলি কোৱা হৈছে । উল্লেখ্য় যে যোৱা মাৰ্চৰ পৰা এই ব্যৱস্থাটো বন্ধ কৰি থোৱা আছে ৰহস্যজনক কাৰণত ৷ কিন্তু এই পৰ্যন্ত কোনো এটা বিমান কোঠৰ কৰ্তৃপক্ষই এই বিষয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও 6E-2652 নম্বৰৰ একেখন বিমানতে সংঘটিত হৈছিল দুবাৰকৈ যান্ত্ৰিক বিজুতিৰ ঘটনা ৷