অসম

assam

ETV Bharat / state

শীঘ্ৰে ৰাজ্যত চলিব খিলঞ্জীয়া মুছলমানৰ জৰীপ - অসম চৰকাৰৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত

সংখ্যালঘু বিভিন্ন দল-সংগঠনে খিলঞ্জীয়া মুছলমানসকলৰ সুৰক্ষা তথা বিভিন্ন ব্যৱস্থা হাতত লোৱাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল । এই দাবীৰ প্ৰতি সঁহাৰি জনায় অতিশীঘ্ৰে খিলঞ্জীয়া মুছলমানৰ জৰীপ চলাব ৰাজ্য চৰকাৰে ।

indigenous Muslim survey
ৰাজ্যত চলিব খিলঞ্জীয়া মুছলমানৰ জৰীপ

By

Published : Feb 11, 2020, 7:34 PM IST

গুৱাহাটী, 11 ফেব্ৰুৱাৰী : অবৈধ অনুপ্ৰৱেশকাৰী মুছলমানৰ বাবে অস্তিত্বৰ সংকটত ভুগিব লগীয়া হৈছে অসমৰ খিলঞ্জীয়া মুছলমান ৷ সংখ্যালঘু বিভিন্ন দল-সংগঠনে খিলঞ্জীয়া মুছলমানসকলৰ সুৰক্ষা তথা বিভিন্ন ব্যৱস্থা হাতত লোৱাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল । এই দাবীৰ প্ৰতি সঁহাৰি জনায় অতিশীঘ্ৰে খিলঞ্জীয়া মুছলমানৰ জৰীপ চলাব ৰাজ্য চৰকাৰে ।

ৰাজ্যত চলিব খিলঞ্জীয়া মুছলমানৰ জৰীপ

এই জৰীপ সন্দৰ্ভত মংগলবাৰে জনতা ভৱনত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক । গৰিয়া-মৰিয়া, দেশী, জলহা আদি জনগোষ্ঠীয় সংগঠনৰ লগতে বৈঠকত উপস্থিত থাকে অসম চৰকাৰৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত তথা বিষয়া-কৰ্মচাৰী ৷ বিজেপিৰ সংখ্যালঘু কোষৰ সভাপতি মমিনুল আৱালো উপস্থিত থাকে এই অনুষ্ঠানত ৷ খিলঞ্জীয়া মুছলমানসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয় এই বৈঠকত । ইফালে গৰিয়া, মৰিয়া, দেশী, জলহা আদি জনগোষ্ঠী ভিত্তিক জৰীপ তথা লোকগণনা কৰিবলৈ সংগঠনসমূহে আহ্বান জনাই চৰকাৰক ।

লগতে পঢ়ক : এটা ফেচবুক পোষ্ট দি বন্দুকৰ পথলৈ সমীৰণ..

ABOUT THE AUTHOR

...view details