গুৱাহাটী, ২৭ জুলাই:ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলে আই বি এছ এ (IBSA) বিশ্ব ক্ৰীড়াত স্বৰ্ণ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিলে । ইংলেণ্ডৰ বাৰ্মিংহামৰ এডগবাষ্টন ক্ৰিকেট ষ্টেডিয়ামত শনিবাৰে অনুষ্ঠিত চূড়ান্ত খেলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াক ৯ উইকেটত হৰুৱাই এই ইতিহাস ৰচনা কৰে । আন্তঃৰাষ্ট্ৰীয় দৃষ্টিহীন ক্ৰীড়া সংস্থাৰ বিশ্ব ক্ৰীড়া চমুকৈ আই বি এছ এ বিশ্ব ক্ৰীড়াত এইবাৰ প্ৰথমবাৰৰ বাবে দৃষ্টিহীনৰ ক্ৰিকেট অন্তৰ্ভূক্ত কৰা হৈছিল ।
আই বি এছ এ বিশ্ব ক্ৰীড়াত ইতিহাস ৰচনা কৰা ভাৰতীয় মহিলা দলটোত আছে এগৰাকী অসমৰ খেলুৱৈ । এই খেলুৱৈগৰাকী হৈছে নগাঁও জিলাৰ কঠিয়াতলীৰ কছাৰী গাঁৱৰ দৰিদ্ৰ ঘৰৰ জিয়ৰী চিমু দাস । দেউতাকে গর্ভাৱস্থাতে এৰি যোৱা চিমু দাসক মাতৃ অঞ্জু দাসে লোকৰ ঘৰত বন কৰি ডাঙৰ দীঘল কৰিছিল । চিমুৰ ভাতৃও বিশেষভাৱে সক্ষম ।
প্ৰতিযোগিতাখনত ভাৰত জয়ী হোৱাত তেওঁ গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছিল । আই বি এছ এ বিশ্ব ক্ৰীড়াৰ মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত চিমু দাসে ৮৬ ৰাণৰ এটা অনবদ্য ইনিংছ খেলাৰ লগতে এটা উইকেট দখল কৰিছিল ।