গুৱাহাটী,11 মে'ঃকাইলৈৰ পৰা দেশজুৰি চলিব যাত্ৰীবাহী ৰে'ল। কিছু বিশেষ নীতি নিয়মৰ মাজেৰে চলোৱা হ'ব ৰে'লসমূহ। ইতিমধ্যে ৰে'ল মন্ত্ৰণালয়ে জাৰি কৰিছে নিদেৰ্শনা। ৰে'ল বিভাগে বান্ধি দিয়া স্থানতহে চলাচল কৰিব যাত্ৰীবাহী ৰে'ল । ৰে'ল বিভাগৰ নিদেৰ্শ মৰ্মে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে সাজু হৈছে নিৰ্ধাৰিত ৰে'ল চলাবলৈ । নতুন দিল্লীৰ পৰা আগৰতলা আৰু নতুন দিল্লীৰ পৰা ডিব্ৰুগড়লৈ ৰে'ল চলাচল আৰম্ভ কৰিব উত্তৰ-পূৱ সীমান্ত ৰে'লৱে কতৃপক্ষই। কিন্তু যাত্ৰীসকলে কেৱল www.irctc.co.in ৱেবছাইটযোগে টিকট ক্ৰয় কৰিব লাগিব। এই কথা জনাইছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দে।
মঙলবাৰৰ পৰা চলিব যাত্ৰীবাহী ৰে'ল - বিশেষ ৰে'ল সেৱা
মঙলবাৰৰ পৰা দেশত চলিব যাত্ৰীবাহী ৰে'ল। কিছু বিশেষ নীতি নিয়মৰ মাজেৰে চলোৱা হ'ব ৰে'লসমূহ। ইতিমধ্যে ৰে'ল মন্ত্ৰণালয়ে জাৰি কৰিছে এই বিশেষ নিদেৰ্শনা ।

এই সকলো ৰে'লতে চৰকাৰী নিয়ম নীতি মানিব লাগিব যাত্ৰীসকলে। মাস্ক ব্যৱহাৰ কৰাটোও বাধ্যতামূলক কৰা হৈছে । ষ্টেশ্যনে ষ্টেশ্যনে ছেনিটাতইজ কৰাৰো ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া গৰাকীয়ে। ইফালে পৰিস্থিতি সাপেক্ষে পৰ্যায়ক্ৰমে ৰে'ল সেৱা স্বাভাৱিক কৰিব ৰে'ল মন্ত্ৰণালয়ে। উল্লেখযোগ্য যে, কৰ'ণা ত্ৰাসৰ বাবে ২২ মাৰ্চৰ পৰা বন্ধ হৈ আছিল ৰে'ল সেৱা। কিন্তু ৰাজ্য চৰকাৰৰ আদেশ মতে ,১ মে'ৰ পৰা শ্ৰমিক ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছিল ৰে'ল বিভাগে।
দেশজুৰি নতুন দিল্লীৰ সৈতে সংযুক্ত বহুকেইখন বিশেষ ৰে'ল চলিব ৷ দিল্লী ষ্টেশ্যনৰ সৈতে সংযুক্ত ডিব্ৰুগড়, আগৰতলা, হাওৰা, পাটনা, বিলাসপুৰ, ৰাঞ্চি, ভুৱনেশ্বৰ, ছেকেণ্ডাৰাবাদ, বেংগালুৰু, চেন্নাই, থিৰুবান্থাপুৰম, মেডগাঁও, মুম্বাই চেন্ট্ৰেল, আহমেদাবাদ আৰু জাম্মু টাৱিৰ পৰা বিশেষ ট্ৰেইন সেৱা অব্যাহত থাকিব মঙলবাৰৰ পৰা ৷