অসম

assam

ETV Bharat / state

লক ডাউনৰ বাবে ভাৰতীয় ৰে'ল বিভাগৰ বৃহৎ ক্ষতি - Indian Railway is in big loss due to Lockdown

কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে দেশত স্তব্ধ হৈ আছে ৰে'ল সেৱা । ফলত প্ৰতিদিনেই বৃহৎ ক্ষতিৰ সম্নুখীন হৈছে ভাৰতীয় ৰে'ল বিভাগ ৷

Indian Railway is in big loss due to Lockdown
লক ডাউনৰ বাবে ভাৰতীয় ৰে'ল বিভাগৰ বৃহৎ ক্ষতি

By

Published : Aug 11, 2020, 9:39 PM IST

গুৱাহাটী,11 আগষ্ট: কৰ'ণা সংক্ৰমণ ৰোধৰ বাবে চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছে ৰে'ল সেৱা । যাৰ বাবে এক বৃহৎ ক্ষতিৰ সন্মূখীন হৈছে ভাৰতীয় ৰে'ল বিভাগ । তথ্য অনুসৰি লক ডাউনৰ পূৰ্বে প্ৰতিদিনেই উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনত 250 খনকৈ ৰে'ল চলাচল কৰিছিল । এই সমহু ৰে'লযোগে প্ৰতিদিনেই প্ৰায় 2 লাখ যাত্ৰী আহ-যাহ কৰি আছিল । কিন্তু কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবেই দেশত স্তব্ধ হৈ আছে ৰে'ল সেৱা । ফলত প্ৰতিদিনেই বৃহৎ ক্ষতিৰ সম্নুখীন হৈছে ভাৰতীয় ৰে'ল বিভাগ ৷ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই জনালে সবিশেষ তথ্য ৷

লক ডাউনৰ বাবে ভাৰতীয় ৰে'ল বিভাগৰ বৃহৎ ক্ষতি

উল্লেখ্য যে, বৰ্তমান চৰকাৰৰ নিৰ্দেশ অনুসৰি অসমত 4 খন আৰু পশ্চিম বংগত 3 খনকৈ বিশেষ ৰে'ল চলাচল কৰি আছে । এই ৰে'লযোগে প্ৰতিদিনেই প্ৰায় 7 হাজাৰকৈ যাত্ৰীৰ আহ-যাহ চলি আছে। অৱশ্যে নিৰ্ধাৰিত এইকেইখন ৰে'লৰ বাহিৰে সকলো ৰে'ল বৰ্তমান বন্ধ হৈ আছে । ইয়াৰ পৰা অনুমান কৰিব পাৰি যে, লক ডাউনৰ বাবে এক বৃহৎ ক্ষতিৰ সন্মূখীন হৈছে ভাৰতীয় ৰে'ল বিভাগে।

লক ডাউনৰ বাবে ভাৰতীয় ৰে'ল বিভাগৰ বৃহৎ ক্ষতি

লগতে পঢ়কঃ কামাখ্যা মন্দিৰৰ নামত ছ'চিয়েল মিডিয়া যোগে ধন সংগ্ৰহ দুষ্টচক্ৰৰ

ABOUT THE AUTHOR

...view details