গুৱাহাটী, 26 জুন : সমগ্ৰ দেশৰ লগতে ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ক'ভিডৰ সংহাৰ ৷ চিকিৎসক, চিকিৎসা কৰ্মী তথা চৰকাৰৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ অন্ততো নিয়ন্ত্ৰণলৈ অহা ক'ভিড পৰিৱেশ ৷ ইয়াৰ মাজতে ভাৰতীয় ৰেডক্ৰছ ছ'চাইটি, গুৱাহাটী জিলা শাখাৰ জৰিয়তে ক'ভিডত আক্ৰান্তসকললৈ প্ৰয়োজনীয় সাহায্য সামগ্ৰী আগবঢ়াইছে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিষ্ঠিত ভাৰতীয় মূলৰ চিকিৎসকসমূহৰ সংগঠন ভাৰতীয় চিকিৎসক সংস্থা, টেক্সাছ আৰু হাউচটনে ৷ সংস্থাকেইটাই পোনপটীয়াকৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগলৈ প্ৰেৰণ কৰিছে এইসমূহ সামগ্ৰী ৷
উল্লেখ্য যে, শনিবাৰে এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ভাৰতীয় ৰেডক্ৰছ ছ'চাইটি, গুৱাহাটী জিলা শাখাৰ অধ্যক্ষ তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া এ কে আবচাৰ হাজৰিকাই উক্ত সামগ্ৰীখিনি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কনচালটেণ্ট ডাঃ জামানৰ হাতত অৰ্পণ কৰে ৷ আদৰণি ভাষণত এই সাহায্য সামগ্ৰী প্ৰদান কৰাৰ বাবে ডাঃ হাজৰিকাই ভাৰতীয় চিকিৎসক সংস্থা, টেক্সাছ, হাউচটনৰ ডাঃ জিগ্নেশ শ্বাহ আৰু ডাঃ সংগীতা শইকীয়াক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ লগতে দুৰ্যোগৰ সময়ত নিৰন্তৰভাৱে কাম কৰি যোৱা ৰেডক্ৰছ গুৱাহাটী জিলা শাখাৰো শলাগ লয় হাজৰিকাই ৷