গুৱাহাটী, 3 মে :নিজৰ জীৱনক তুচ্ছ কৰি কৰ'ণা ভাইৰাছক প্ৰতিহত কৰিবলৈ প্ৰতিদিনে সেৱা আগবঢ়াই অহা স্বাস্থ্যকৰ্মীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে ভাৰতীয় বায়ু সেনাই ৷ দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ চিকিৎসকসকলৰ লগতে স্বাস্থ্য কৰ্মীসকলক বায়ু সেনাৰ হেলিকপ্টাৰৰ সহায়ত পুষ্প বৃষ্টিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
পুষ্প বৃষ্টিৰে কৰ'ণা যোদ্ধালৈ কৃতজ্ঞতা ভাৰতীয় বায়ু সেনাৰ - বায়ু সেনাৰ হেলিকপ্টাৰৰ সহায়ত পুষ্প বৃষ্টিৰে সম্বৰ্ধনা
দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ চিকিৎসকসকলৰ লগতে স্বাস্থ্য কৰ্মীসকলক বায়ু সেনাৰ হেলিকপ্টাৰৰ সহায়ত পুষ্প বৃষ্টিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
পুষ্প বৃষ্টিৰে কৰ'ণা যোদ্ধালৈ কৃতজ্ঞতা ভাৰতীয় বায়ু সেনাৰ
ভাৰতীয় বায়ু সেনাৰ জনসম্পর্কৰক্ষী বিষয়াগৰাকীয়ে চিকিৎসকসকলৰ শলাগ লোৱাৰ লগতে দিনে নিশাই সেৱা আগবঢ়াই যোৱাৰ বাবে বায়ু সেনাৰ ফালৰ পৰা এক সামান্য কৃতজ্ঞতা জ্ঞাপন কৰা বুলি প্ৰকাশ কৰে ।
আনহাতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ৰমেন তালুকদাৰে এই কাৰ্যসূচীৰ বাবে ভাৰতীয় বায়ু সেনাক ধন্যবাদ জ্ঞাপন জনায় ৷
Last Updated : May 3, 2020, 2:49 PM IST