গুৱাহাটী,১০ জানুৱাৰী:ক্ৰিকেট জ্বৰত আক্ৰান্ত গুৱাহাটী । আজি গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত ভাৰত আৰু শ্ৰীলংকাৰ মাজত এদিনীয়া মেচ(India vs Sri Lanka ODI in Guwahati) । ইতিমধ্যেই খেলখনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে । আজি বিয়লি ১:৩০ বজাৰ পৰা আৰম্ভ বহু প্ৰত্যাশিত খেলখন । গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত শ্ৰীলংকাৰ মাজত এদিনীয়া শৃংখলাৰ প্ৰথমখন হাইভল্টেজ মেচখন চাবলৈ পুৱাৰে পৰা আৰম্ভ হৈছে ক্ৰিকেট প্ৰেমীৰ ভিৰ ।
পুৱা ১০:৩০ বজাত দৰ্শকৰ বাবে খুলি দিয়া হয় ষ্টেডিয়ামৰ দুৱাৰ । দিনৰ ১২:৪৫ বজাত ভাৰত শ্ৰীলংকাৰ খৈলুৱৈসকল কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ষ্টেডিয়ামত প্ৰৱেশ কৰে ।খেলখনক লৈ দৰ্শক সকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা । নিজৰ পচন্দৰ খেলুৱৈ সকলক এবাৰ চাবলৈ অনুৰাগীসকলে পুৱাৰে পৰা ষ্টেডিয়ামৰ বাহিৰত ভিৰ কৰা পৰিলক্ষিত হয় ।
তিনিমাহ বিৰতিৰ পিছত গুৱাহাটীত পুণৰ আন্তঃজাৰ্তিক ক্ৰিকেট মেচ অনুষ্ঠিত হয় । শণিবাৰে মাজ নিশাৰে পৰা ক্ৰিকেটৰ তাৰকা সকল গুৱাহাটীত উপস্থিত হোৱাত ক্ৰিকেটৰ জ্বৰ বৃদ্ধি পাইছে । নিশা বিশেষ বিমানেৰে বৰঝাৰ বিমানবন্দৰত(Gopinath Bordoloi International Airport) উপস্থিত হয় ভাৰত আৰু শ্ৰী লংকাৰ ক্ৰিকেট দলৰ খেলুৱৈসকল(Cricket team players in Guwahati) । সোমবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত দুয়োটা দলে বৰ্ষাপাৰাত অনুশীলন কৰে ।