অসম

assam

ETV Bharat / state

INDIA Row:মহাপুৰুষ সকলে 'ভাৰত' হিচাপেই নামাকৰণ কৰিছিল:মুখ্যমন্ত্রী - মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ

India আৰু ভাৰত বিতৰ্কক লৈ কি ক’লে অসমৰ মুখ্যমন্ত্ৰীয়ে শুনক-

INDIA Row
মুখ্যমন্ত্ৰীৰ মন্তব্য

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 9:39 PM IST

মুখ্যমন্ত্ৰীৰ মন্তব্য

গুৱাহাটী, ৬ ছেপ্টেম্বৰ :দেশৰ নাম সলনিক লৈ ব্যাপক চৰ্চা আৰু বিতৰ্ক অব্যাহত থকাৰ সময়তে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । বিশেষকৈ কংগ্ৰেছ নেতা তথা সাংসদ শশী থাৰুৰ আৰু অধীৰ ৰঞ্জন চৌধুৰীয়ে কৰা মন্তব্য সন্দৰ্ভত বুধবাৰে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

হিমন্ত বিশ্ব শৰ্মাই কয় যে শশী থাৰুৰ মন্তব্য অৰ্ধসত্য । শশী থাৰুৰে কি কৈছে সেয়া গুৰুত্বপূৰ্ণ নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতৰ ঋষি-মুনিসকলে পাঁচ হাজাৰ বছৰ পূৰ্বে আমাৰ দেশৰ নাম ভাৰত ৰাখিছিল । পানী ঘোলা কৰিবৰ বাবে মহম্মদ জিন্নাই কি কৈছিল তাক জনাৰ আমাৰ দৰকাৰ নাই । তেওঁ কয় যে আমাৰ মহাপুৰুষ সকলে আমাৰ দেশক ভাৰত হিচাপেই নামাকৰণ কৰিছিল ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কেতিয়াও ইণ্ডিয়াৰ নাম লোৱা নাছিল বুলি সদৰী কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৰুজনাই দেখুৱাই যোৱা ৰাস্তা আমি কিয় এৰি দিম । উচ্চতম ন্যায়ালয়েও ভাৰত নাইবা ইণ্ডিয়া বুলি ক’ব পাৰে বুলি কৈছে । সংবিধানেও ভাৰতকে ইণ্ডিয়া কৈছে । তেওঁ লগতে কয় যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যদি নতুন সংসদ ভৱন নিৰ্মাণ কৰিব পাৰে তেন্তে ভৱিষ্যতে নতুন ৰাষ্ট্ৰপতি ভৱন নিৰ্মাণ নকৰিব পাৰে বুলি কেনেকৈ ক‘ব পাৰি ।

কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে গ্যেৰাণ্টি দিব নোৱাৰে বুলি সদৰি কৰি তেওঁ কয় যে এটা এটাকৈ ক'লনিয়েল লিগেচি নাইকিয়া কৰা হৈছে । কেতিয়াবা নতুন ৰাষ্ট্ৰপতি ভৱন হ’ব পাৰে বুলি তেওঁ প্ৰসংগত উল্লেখ কৰে । হিন্দু ধৰ্মৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে যাৰ আদিও নাই আৰু অন্তও নাই সেয়াই সনাতন । সনাতন ধৰ্মৰ আদি আৰু অন্ত কোনেও ক'ব নোৱাৰে ।

লগতে পঢ়ক :INDIA Row: INDIA বুলি কোৱাৰ পূৰ্বে ‘ভাৰত’ বুলি কম, ইয়াত বিতৰ্ক নাই; হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details