অসম

assam

By

Published : Jan 19, 2020, 12:00 AM IST

ETV Bharat / state

সৰুসজাইত অনুষ্ঠিত ‘ইণ্ডিয়া কা খেলোৎসৱ’

ৰাষ্ট্ৰীয় যুৱ কো-অপাৰেটিভ ছ’চাইটি লিমিটেডৰ উদ্যোগত অনুষ্ঠিত হয় ‘ইণ্ডিয়া কা খেলোৎসৱ’ শীৰ্ষক এক অনুষ্ঠান । শনিবাৰে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত উক্ত অনুষ্ঠানতে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকা আৰু বিশিষ্ট ফুটবলাৰ গিলবাৰ্ট চাংমাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে ।

সৰুসজাই
ইণ্ডিয়া কা খেলোৎসৱ

গুৱাহাটী,18 জানুৱাৰীঃ শনিবাৰে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত ৰাষ্ট্ৰীয় যুৱ কো-অপাৰেটিভ ছ’চাইটি লিমিটেডৰ উদ্যোগত অনুষ্ঠিত হয় ‘ইণ্ডিয়া কা খেলোৎসৱ’ শীৰ্ষক এক অনুষ্ঠান । এই উৎসৱৰ জৰিয়তে দেশৰ ভিন্ন প্ৰান্তৰ যুৱক-যুৱতীসকলক খেলৰ প্ৰতি আকৰ্ষিত কৰা হ’ব ৷ ৰাইজৰ মাজত সংস্থাটোৱে খেলৰ এক বাতাবৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে আয়োজন কৰিছে এই খেলোৎসৱৰ । এই খেলোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, বিধায়িকা নৱনীতা সন্দিকৈ, বিধায়ক ৰিতুপৰ্ণ বৰুৱাকে প্ৰমুখ্য কৰি ভালেমান ক্ৰীড়াজগতৰ লগত জড়িত ব্যক্তি ।

ইণ্ডিয়া কা খেলোৎসৱ

অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সোণোৱালে ক্ৰীড়াক্ষেত্ৰক আগুৱাই নিয়াৰ বাবে যথেষ্ট পদক্ষেপ হাতত লোৱা বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে । ইয়াৰোপৰি পূৰ্বৰ চৰকাৰে খেলক কোনো গুৰুত্ব প্ৰদান নকৰা বুলিও অভিযোগ তোলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ইফালে উক্ত অনুষ্ঠানতে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকা আৰু ফুটবলাৰ গিলবাৰ্ট চাংমাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে । লগতে খেল’ ইণ্ডিয়াত অংশগ্ৰহণ কৰা ৰাজ্যসমূহৰ প্ৰতিনিধিকো শনিবাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

লগতে চাওকঃসভাপতি হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে সাজু ৰঞ্জিত কুমাৰ দাস

ABOUT THE AUTHOR

...view details