গুৱাহাটী, 19 ফেব্ৰুৱাৰীঃসমাগত নিৰ্বাচন 2021 চনৰ নিৰ্বাচন ৷ আগন্তুক নিৰ্বাচনক লৈ তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল সমূহৰ মাজত ৷ কিন্তু এই নিৰ্বাচন বা ভোটযুদ্ধ এতিয়া আৰু কেৱল ৰাজনৈতিক বিষয় হৈ থকা নাই । এই নিৰ্বাচনক কেন্দ্ৰ কৰি গঢ়ি উঠিছে কোটি কোটি টকাৰ কৰ্পোৰেট ব্যৱসায় । অসমত এই সময়ত ফাগুণৰ বতাহৰ সমান্তৰালকৈ ববলৈ আৰম্ভ কৰিছে নিৰ্বাচনী বতাহো । এই নিৰ্বাচনী বতাহ এতিয়া মাথো ৰাজনৈতিক দলৰ মাজতে সীমাবদ্ধ হৈ থকা নাই । ৰাজনৈতিক দলে নিজৰ পক্ষত ভোট আনিবলৈ হ'লে কি কি পন্থা অৱলম্বন কৰিব লাগিব তাক নিৰ্ভুল বিশ্লেষণৰ বাবে কোটিৰ ঘৰত টকা ব্যয় কৰি নিয়োগ কৰা হৈছে বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানক ।
ৰাজ্যৰ দুই প্ৰধান ৰাজনৈতিক দল বিজেপি আৰু কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ৰণ কৌশল যুগুতাই উলিয়াবলৈ দেশৰ দুটা আগশাৰীৰ ব্যক্তিগত পেচাদাৰী প্ৰতিষ্ঠানক ইতিমধ্যে দল দুটাই নিয়োগ কৰিছে । বিজেপিৰ নিৰ্বাচনী ষ্ট্ৰেটেজি প্ৰস্তুতকৰণৰ দায়িত্ব অৰ্পণ কৰা হৈছে "ইণ্ডিয়া ফাউণ্ডেছন" নামৰ দেশৰ এটা আগশাৰীৰ পেচাদাৰী প্ৰতিষ্ঠানক । এই প্ৰতিষ্ঠানটোৱে ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে বিজেপিয়ে চ'ছিয়েল মিডিয়াত প্ৰয়োগ কৰিবলগীয়া নিৰ্বাচনী ৰণ কৌশল । কেৱল চ'ছিয়েল মিডিয়াই নহয়, দলটোৰ সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰৰ কৌশল ৰণ নীতি ইতিমধ্যে চূড়ান্ত কৰিছে "ইণ্ডিয়া ফাউণ্ডেছন"য়ে । এই প্ৰতিষ্ঠানটোৰ মালিক হৈছে বিজেপিৰে এজন জ্যেষ্ঠ নেতা ৰাম মাধৱ । যি ইতিমধ্যে দলৰ অসমৰ প্ৰভাৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰি গৈছে ।