অসম

assam

ETV Bharat / state

India China Soldiers Clash: সুস্থ হৈছে টাৱাঙত আহত সেনা জোৱান - ভাৰত আৰু চীন সেনাৰ হতাহতি

সম্প্ৰতি সুস্থ অৱস্থাত আছে আহত সেনা জোৱানকেইজন ৷ সেনা জনসম্পৰ্কৰক্ষী বিষয়া লেফটেন্ট কৰ্নেল বিপিন ৰাৱটে ইটিভি ভাৰতক জনায় এই কথা (Injured Army jawan recovered)৷

India China Soldiers Clash: Injured Army jawan recovered
India China Soldiers Clash: সুস্থ হৈছে টাৱাঙত আহত সেনা জোৱান

By

Published : Dec 15, 2022, 1:32 PM IST

নিউজ ডেস্ক, 15 ডিচেম্বৰ: এতিয়াও মাৰ যোৱা নাই ভাৰত আৰু চীন সেনাৰ হতাহতিৰ চেপা উত্তেজনা (india china faceoff)৷ যোৱা ৯ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত ভাৰত আৰু চীনৰ জোৱানৰ মাজত সংঘৰ্ষ সংঘটিত হৈছিল(Firing between Indian and China Army)৷ এই সংঘৰ্ষত দুয়োপক্ষৰে একাংশ জোৱান আঘাতপ্ৰাপ্ত হৈছিল ।

এই যুদ্ধত ভাৰতীয় সেনাৰ 6 গৰাকী জোৱান আহত হৈছিল ৷ আহত ছয়গৰাকী সেনা জোৱানক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটীৰ বশিষ্ঠস্থিত সেনা চিকিৎসালয়ত(injured soldiers admitted in Guwahati army hospital)৷ সম্প্ৰতি সুস্থ অৱস্থাত আছে আহত সেনা জোৱানকেইজন ৷ সেনা জনসম্পৰ্কৰক্ষী বিষয়া লেফটেন্ট কৰ্নেল বিপিন ৰাৱটে ইটিভি ভাৰতক কয় যে সেনা জোৱানকেইজন বৰ্তমানে সুস্থিৰ অৱস্থাত আছে ৷ অচিৰেই নিজ নিজ কৰ্মক্ষেত্ৰলৈ যাব পাৰিব আহত সেনা জোৱানকেইজন ৷ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত সেনা জোৱানকেইজনৰ নাম প্ৰকাশ কৰা হোৱা নাই ৷

এই ঘটনাৰ পিচতে সেনাৰ এক বিবৃতিত লগতে উল্লেখ কৰে যে পৰৱৰ্তী সময়ত দুয়োপক্ষই ততাতৈয়াকৈ বিবদমান অঞ্চলটোৰ পৰা পিছুৱাই যায়(Indo China border dispute) । ইয়াৰ পিছত ভাৰতীয় সেনা কমাণ্ডাৰে চীনা সৈন্যৰ সমকক্ষ বিষয়াৰ সৈতে এখন ‘পতাকা বৈঠক’ আয়োজন কৰি বুজাবুজি ব্যৱস্থাৰ চুক্তি অনুসৰি অঞ্চলটোত শান্তি পুনৰুদ্ধাৰ কৰে (India China Soldiers Clash) ।

উল্লেখ্য যে আজিৰে পৰা ভাৰত-চীন সীমান্তত বায়ুসেনাৰ যুদ্ধ অভ্যাস আৰম্ভ হৈছে ৷ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ য়াংষ্টে অঞ্চলত 9 ডিচেম্বৰত ভাৰতীয় সেনাৰ লগত চীনা পিএলএ(People's Liberation Army) সৈন্যই চলোৱা সন্ত্ৰাসৰ পিছতে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ তৰফৰ পৰা ইষ্টাৰ্ণ এয়াৰ বেছক সক্ৰিয় যুদ্ধ অভ্যাস কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছিল ৷ ইয়াৰ পিছতে অঞ্চলটোত সক্ৰিয় যুদ্ধ অভ্যাসৰ বাবে এই আয়োজন কৰা হয় । কিন্তু বায়ুসেনাৰ তৰফৰ পৰা এইয়া এক নিয়মীয়া অনুশীলন বুলিহে ক’ব বিচৰা হৈছে(India-China border face-off) ।

ইতিমধ্যে অৰুণাচল প্ৰদেশৰ মুঠ 4 খন এডভান্স লেণ্ডিং গ্ৰাউণ্ড সক্ৰিয় হৈ আছে । এই অনুশীলনত L70 anti-aircraft gun ব্যৱহাৰ কৰা হ’ব ৷ 2021 বৰ্ষত অৰুণাচল প্ৰদেশৰ সীমান্তত L70 anti-aircraft gun স্থাপন কৰা হৈছিল ৷ ই বফ'ৰ্ছৰ সমকক্ষ । অৰুণাচল প্ৰদেশৰ অতি উচ্চতাত L-70 এয়াৰ ডিফেঞ্চ চিষ্টেমছ সহায়ক হ‘ব ।

লগতে পঢ়ক:Bharat Jodo yatra at Sadiya: আজি শদিয়াত সামৰণি পৰিব কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

ABOUT THE AUTHOR

...view details