অসম

assam

By

Published : Aug 5, 2020, 7:24 PM IST

ETV Bharat / state

খানাপাৰাৰ পৰিৱৰ্তে জজ খেলপথাৰত হ'ব স্বাধীনতা দিৱসৰ অনুষ্ঠান

খানাপাৰা খেলপথাৰৰ পৰিৱৰ্তে জজ খেল পথাৰত অনুষ্ঠিত কৰা হ'ব চলিত বৰ্ষৰ স্বাধীনতা দিৱস ৷ এই বিষয়ে সংবাদ মাধ্যমযোগে সদৰি কৰে কামৰূপ (মেট্ৰ') জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷

উপায়ুক্ত বিশ্বজিৎ পেগু
উপায়ুক্ত বিশ্বজিৎ পেগু

গুৱাহাটী, 5 আগষ্ট: আগন্তুক স্বাধীনতা দিৱসৰ ক্ষেত্ৰত কামৰূপ মহানগৰ প্ৰশাসনে লৈছে বিশেষ ব্যৱস্থা | বুধবাৰে এই বিষয়ক লৈ সম্বোধন কৰা এখন সমবাদমেলত কামৰূপ (মেট্ৰ') জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে ঘোষণা কৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷ চলিত বৰ্ষৰ স্বাধীনতা দিৱস অনুষ্ঠিত কৰা হ'ব খানাপাৰা খেলপথাৰৰ পৰিৱৰ্তে জজ খেলপথাৰত ৷ যিহেতু খানাপাৰাত COVID কেয়াৰ কেন্দ্ৰ স্থাপন কৰা হৈছে, সেয়েহে এই নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে ৷ ইয়াৰোপৰি স্বাধীনতা দিৱসৰ কাৰ্যসূচীত এইবাৰ অন্তৰ্ভুক্ত নাথাকিব বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ লগতে, স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ অনুষ্ঠান ৷ সম্পূৰ্ণ স্বাস্থ্য বিধি ৰক্ষা কৰি ব্যৱস্থাপনা কৰা হ'ব আসন সমূহৰ ৷ কঠোৰ নীতি নিৰ্দেশনাৰ মাজেৰে পালন হ'বলগীয়া এইবেলিৰ স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

খানাপাৰাৰ পৰিৱৰ্তে জজ খেলপথাৰত হ'ব স্বাধীনতা দিৱসৰ অনুষ্ঠান: উপায়ুক্ত বিশ্বজিৎ পেগু

এনে নিয়ম সমূহৰ ওপৰিও উপায়ুক্ত গৰাকীয়ে সকলো লোককে নিজত স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহ্বান জনায় ৷ 15 আগষ্টৰ ভিতৰত 1 লাখ ৰেপিড এণ্টিজেন পৰীক্ষা সমাপন কৰাৰ লক্ষ্য লৈছে জিলা প্ৰশাসনে ৷ বুধবাৰে জিলাখনৰ প্ৰায় 9 হাজাৰ লোকৰ ৰেপিড এণ্টিজেন পৰীক্ষা সমাপন কৰা হৈছে ৷ ইয়াৰ লগে লগে বৰ্তমানলৈ 65 শহস্ৰাধিত লোকৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰা হৈছে বুলি সংবাদমেলযোগে জানিবলৈ দিয়ে উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷ তদুপৰি দোকানৰ স্বত্বাধিকাৰী সকলকো কৰ'ণা পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে উপায়ুক্ত গৰাকীয়ে ৷

লগতে পঢ়ক:জিলা আৰক্ষী অধিক্ষক সহ 37 জন ক’ভিড পজিটিভ

ABOUT THE AUTHOR

...view details