অসম

assam

ETV Bharat / state

খানাপাৰাত তিনিদিনীয়া স্বাধীনতা দিৱস ! - খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ পৰিদৰ্শন ৰাজ্যৰ মুখ্য সচিব আলোক কুমাৰৰ

সোমবাৰে খানাপাৰাৰ খেলপথাৰ পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্য সচিব আলোক কুমাৰ, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ পৰিদৰ্শন ৰাজ্যৰ মুখ্য সচিব আলোক কুমাৰৰ

By

Published : Aug 13, 2019, 7:21 AM IST

গুৱাহাটী, 13 আগষ্ট: সমাগত স্বাধীনতা দিৱসকলৈ এতিয়া তৎপৰ হৈ পৰিছে চৰকাৰ তথা আৰক্ষী-প্ৰশাসন ৷ সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীতো পালন কৰা হ'ব ৭৩ সংখ্যক স্বাধীনতা দিৱস । এইবাৰ তিনিদিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে স্বাধীনতা দিৱস ৷ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে অনুষ্ঠানটোৰ প্ৰস্তুতি ৷ সোমবাৰে খানাপাৰাৰ খেলপথাৰ পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্য সচিব আলোক কুমাৰ, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷ স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় মুখ্য সচিবগৰাকীয়ে ৷ উল্লেখ্য যে, স্বাধীনতা দিৱস উপলক্ষে মঙলবাৰৰ পৰা স্কুল-কলেজসমূহত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা হ'ব বিভিন্ন প্ৰতিযোগিতা ৷

ABOUT THE AUTHOR

...view details