অসম

assam

By

Published : Aug 12, 2020, 8:25 PM IST

ETV Bharat / state

স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰ বাবে মহানগৰ জিলা প্ৰশাসনৰ তৎপৰতা

জজ খেলপথাৰত স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত । পূৰ্ণগতিত প্ৰস্তুতি চলাইছে মহানগৰ জিলা প্ৰশাসনে ।

Independence day preparation in guwahati
Independence day preparation in guwahati

গুৱাহাটী, ১২আগষ্ট : কৰ’ণা মহামাৰীৰ সংকটৰ মাজতে সমগ্ৰ দেশৰ লগতে অসমতো ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ পূৰ্ণ প্ৰস্তুতি চলিছে । মহানগৰীৰ খানাপাৰা খেলপথাৰত অস্থায়ী কৰ’ণা চিকিৎসালয় স্থাপন কৰা বাবে এই বৰ্ষত জজ খেলপথাৰত স্বাধীনতা দিৱস উদযাপন কৰিব । ইতিমধ্যে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে নিতৌ অনুশীলন চলাই আছে । ১৩ আগষ্টৰ ভিতৰত জজ খেলপথাৰত স্বাধীনতা দিৱস উদযাপনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিবলৈ সকলো বিভাগকে নিৰ্দেশ দিছে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ।

মঙলবাৰে কামৰূপ জিলা প্ৰশাসনে প্ৰকাশ কৰা কাৰ্যসূচী অনুসৰি পুৱা ৪.৩০ বজাৰ পৰা আৰম্ভ হ'ব স্বাধীনতা দিৱসৰ অনুষ্ঠান । প্ৰভাত গীতাঞ্জলিৰে অনুষ্ঠান আৰম্ভ হোৱাৰ পিচত ৭ বজাত চৰকাৰী কাৰ্যবাহীসকলৰ চৰকাৰী বাসভৱনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ব । পুৱা ৯ বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব । কৰ’ণা মহামাৰীৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা স্বাস্থ্য বিধি সন্মত নীতি-নিয়ম পালন কৰি স্বাধীনতা দিৱস উদযাপন কৰিছে কামৰূপ জিলা প্ৰশাসনে ।

লগতে পঢ়ক :পঞ্চভূতত বিলীন হ'ল নাৰায়ণ দেৱ গোস্বামীৰ নশ্বৰদেহ

ABOUT THE AUTHOR

...view details