অসম

assam

ETV Bharat / state

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপন - 74 সংখ্যক স্বাধীনতা দিৱস

গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লগতে মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ত উদযাপন কৰা হ'ল 74 সংখ্যক স্বাধীনতা দিৱস ।

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপন
উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপন

By

Published : Aug 15, 2020, 5:00 PM IST

গুৱাহাটী, 15 আগষ্ট :আজি দেশজুৰি পালন কৰা হয় 74 সংখ্যক স্বাধীনতা দিৱস । কৰ'ণা মহামাৰীৰ ভয়াৱহতাৰ মাজতে সমগ্ৰ দেশতে পালন কৰা হ'ল স্বাধীনতা দিৱস । গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লগতে মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়টো উদযাপন কৰা হ'ল স্বাধীনতা দিৱস । চৰকাৰী নীতি-নিয়ম মানি উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ত পতাকা উত্তোলন কৰে ৰে'লৱেৰ মহাপ্ৰৱন্ধক সঞ্জীৱ ৰায়ে ।

কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ মাজত নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি অহা কেইবাগৰাকীও কৰ্মচাৰীক উৎসাহ যোগোৱাৰ উদ্দেশ্যে বিশেষ বঁটাৰে সন্মানিত কৰা হয় । উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক সঞ্জীৱ ৰায়ে ৰে'ল বিভাগৰ কৰ'ণা যোদ্ধাসকলক পুৰস্কাৰ প্ৰদান কৰে ।

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপন

আনহাতে এই স্বাধীনতা দিৱসৰ দিনাই উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই জনায় যে, বহু দিন ধৰি ৰাজ্যত বন্ধ হৈ থকা জনশতাব্দী ৰে’লসেৱা পুনৰ অহা 17 আগষ্টৰ পৰা আৰম্ভ হ'ব । সপ্তাহত 5 দিনকৈ চলিব স্থানীয় যাত্ৰীবাহী জনশতাব্দী ৰে'ল ।

ইতিমধ্যেই অসমত আঠখনকৈ দূৰণীবটীয়া বিশেষ ৰে'লৰ চলাচল অব্যাহত আছে বুলিও জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে চাওক-দেশজুৰি পালন 74 সংখ্যক স্বাধীনতা দিৱস

ABOUT THE AUTHOR

...view details