নিউজ ডেস্ক, 10 আগষ্টঃ সমাগত স্বাধীনতা দিৱস । তৎপৰ দক্ষিণ শালমাৰা মানকাচৰ আৰক্ষী প্ৰশাসন । পূৰ্ণোদ্যমে চলিছে স্বাধীনতা দিৱসৰ প্ৰস্তুতি । আগন্তুক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ভাৰত তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী প্ৰশাসনেও তৎপৰ হৈ পৰিছে স্বাধীনতা দিৱসকলৈ । ভাৰত বাংলা সীমান্ত আৰু অসম মেঘালয় সীমান্তৱৰ্তী জিলা খনত যাতে কোনো দুৰ্বৃত্তই কূটাঘাত তথা অঘটন ঘটাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা খনৰ বিভিন্ন থানা এলেকাত পৃথকে পৃথকে চলিছে নাকা চেকিং আৰু তালাচী অভিযান ।
সমাগত স্বাধীনতা দিৱসঃ ৰাজ্যজুৰি সষ্টম আৰক্ষী প্ৰশাসন - mankachor
ভাৰত বাংলা সীমান্ত আৰু অসম মেঘালয় সীমান্তৱৰ্তী জিলা খনত যাতে কোনো দুৰ্বৃত্তই কূটাঘাত তথা অঘটন সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা খনৰ বিভিন্ন থানা এলেকাত পৃথকে পৃথকে চলিছে নাকা চেকিং আৰু তালাচী অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
উল্লেখযোগ্য যে, স্বাধীনতা দিৱস উপলক্ষে জিলা প্ৰশাসনে তৎপৰতা চলাই নিয়াৰ সমান্তৰালভাৱে আৰক্ষী প্ৰশাসনেও প্ৰস্তুতি প্ৰায় সম্পন্ন কৰাৰ লগতে আইন শৃংখলাৰ ক্ষেত্ৰতো চোকা দৃষ্টি ৰাখিছে ।
স্বাধীনতা দিৱসৰ প্ৰকমুহূৰ্ত কঠোৰ হৈ উঠিছে গুৱাহাটী প্ৰশাসনো ৷ মহানগৰীৰ ঠায়ে ঠায়ে এতিয়া প্ৰশাসনে চলাইছে তালাচী অভিযান ৷ কি বাইক কি বাছ সকলোতে তালাচী চলাইছে মহানগৰ আৰক্ষীয়ে । স্বাধীনতা দিৱস আগে আগে কোনো কূটাঘাতমূলক ঘটনা যাতে সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে গণেশগুৰিত শনিবাৰে তালাচী চলায় ।
আনহাতে, মহানগৰীৰ আয়ুক্ত দীপক কুমাৰে জানিবলৈ দিয়া অনুসৰি মহানগৰ আৰক্ষীয়ে সৰু সৰু দলত বিভক্ত কৰি এনেদৰে তালাচী চলাব প্ৰশাসনে ।