অসম

assam

ETV Bharat / state

IND vs SL 1st ODI: ভাৰত-শ্ৰীলংকাৰ এদিনীয়া শৃংখলাৰ টিকটৰ নিৰিখ নিৰ্ধাৰণ ACAৰ - ভাৰত শ্ৰীলংকাৰ এদিনীয়া

বৰ্ষাপাৰাত ১০ জানুৱাৰী ২০২৩ ত অনুষ্ঠিত হ'ব ভাৰত শ্ৰীলংকাৰ এদিনীয়া আন্তৰাষ্ট্ৰীয় মেচ। এই মেচখন উপভোগ কৰিবলৈ বিচৰা সকলৰ বাবে টিকটৰ মূল্য় ঘোষণা কৰিছে অসম ক্ৰিকেট সন্থাই । সৰ্বোচ্চ 5 হাজাৰ টকাৰ পৰা সৰ্বনিম্ন 475 টকাৰ ভিতৰত দৰ্শকে উপভোগ কৰিব পাৰিব খেলখন ৷

IND vs SL 1st ODI
ভাৰত-শ্ৰীলংকাৰ এদিনীয়া শৃংখলাৰ টিকটৰ নিৰিখ নিৰ্ধাৰণ ACAৰ

By

Published : Dec 16, 2022, 8:23 PM IST

গুৱাহাটী, 16 ডিচেম্বৰ:গুৱাহাটীৰ বৰ্ষাপাৰাত ১০ জানুৱাৰীত অনুষ্ঠিত হ'ব ভাৰত-শ্ৰীলংকাৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ(India-Sri Lanka 1st ODI) । এই মেচখন উপভোগ কৰিবলৈ বিচৰা সকলৰ বাবে টিকটৰ নিৰিখ ঘোষণা কৰিছে অসম ক্ৰিকেট সন্থাই(Assam Cricket Association) । এই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচখনৰ বাবে অসম ক্ৰিকেট সন্থাই টিকটৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কৰিছে ৫ হাজাৰ টকা(IND vs SL ODI Guwahati Ticket Price) ।

অৱশ্যে শিক্ষাৰ্থীসকলৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা কৰা হৈছে । শিক্ষাৰ্থী সকলে তেওঁলোকৰ পৰিচয় পত্ৰ প্ৰদৰ্শন কৰি ৪৭৫ টকাতেই এই খেল উপভোগ কৰাৰ বাবে টিকট ক্ৰয় কৰিব পাৰিব । আনহাতে, আন আন টিকটৰ নিৰিখ সমূহ হৈছে-1500টকা, 2000টকা, 2500টকা আৰু 3000টকা ৷

ইফালে ক্ৰিকেট খেলখন সন্দৰ্ভত অসম ক্ৰিকেট সন্থাৰ(ACA) কাৰ্যালয়ত সন্থাৰ এপেক্স কাউন্সিলৰ সদস্যসকলৰ সৈতে বৈঠকত মিলিত হয় সন্থাৰ সভাপতি তৰংগ গগৈ(ACA president Taranga Gogoi) । বৈঠকত অসম ক্ৰিকেট সন্থাৰ আগন্তুক দিনৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰাৰ লগতে ১০ জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত(Guwahati Barsapara Stadium) ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দ্বিপাক্ষিক শৃংখলাৰ প্ৰথমখন এদিনীয়া আন্তৰাষ্ট্ৰীয় মেচৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰা হয় । বৈঠকত খেলখন সূচাৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত এখন শক্তিশালী উপ-সমিতি গঠনৰ বিষয়ে আলোচনা কৰা হয় ।

লগতে পঢ়ক:Assam Ranji Team : অসমৰ ক্ৰিকেটৰ উদ্ভাসিত প্ৰতিভা টিংখাঙৰ সুনীল

ABOUT THE AUTHOR

...view details