গুৱাহাটী,৫ ছেপ্তেম্বৰঃফুটবল জ্বৰত আক্ৰান্ত গুৱাহাটীবাসী । সৰুসজাইত ফিফা বিশ্বকাপৰ কোৱালিফায়িং মেচত আজি মুখা-মুখি হব ভাৰত আৰু ওমান । খেলৰ এদিন পূৰ্বে জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লুত সংবাদমেল সম্বোধন কৰিলে দুয়োটা দলৰ অধিনায়ক আৰু প্ৰশিক্ষকে ।
আজি সৰুসজাইত ভাৰত বনাম ওমানৰ যুঁজ - ভাৰত বনাম ওমানৰ যুঁজ
খেলৰ প্ৰাক মুহুৰ্তত হোটেল ৰেডিচন ব্লুত সংবাদমেল সম্বোধন দুয়োটা দলৰ অধিনায়ক আৰু প্ৰশিক্ষকৰ ।
সংবাদমেলত ভাৰতীয় ফুটবলপ্ৰেমী আৰু ভাৰতীয় ফুটবল দলক প্ৰশংসা ওমান দলৰ প্ৰশিক্ষক ইৰউইন কোমেনৰ । ভাৰতক পৰাস্ত কৰিবলৈ সকলো ৰণকৌশল প্ৰস্তুত কৰিছে বুলি সংবাদমেলত সদৰী কৰে প্ৰশিক্ষক গৰাকীয়ে । খেলখনক এখন বন্ধুত্বপূৰ্ণ মেচ বুলিও অৱগত কৰে প্ৰশিক্ষক গৰাকীয়ে । খেলখনত জয়ী হব বুলি আত্মবিশ্বাসী ওমানৰ অধিনায়ক মহম্মদ মোবাৰক । ইফালে,ওমানক পৰাস্ত কৰি ঘৰুৱা দৰ্শকৰ মন জয় কৰিবলৈ সাজু ভাৰতীয় দল । সংবাদমেলত এই কথা সদৰী কৰিলে ভাৰতীয় দলৰ অধিনায়ক সুনীল চেত্ৰী আৰু প্ৰশিক্ষক ইগৰ ষ্টিমেকে । ভাৰতৰ যুৱ খেলুৱৈ যথেষ্ট উদ্যমী ই ফুটবলজগতৰ বাবে এক আশাজনক বাৰ্তা বুলি মন্তব্য কৰে ইগৰ ষ্টিমেকে । ইফালে আঘাতৰ সমস্যাই বিপদত পেলাইছে ভাৰতীয় দলটোক । ইতিমধ্যে, আঘাতপ্ৰাপ্ত হৈছে দলটোৰ কেইবাজনো খেলুৱৈ ।