গুৱাহাটী, ২৭ নৱেম্বৰ :দুখন মেচত জয়েৰে মনোবল তুংগত থকা ভাৰতীয় যুৱ ক্ৰিকেট দলটোৱে মঙলবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত শৃংখলা দখলৰ লক্ষ্যৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । আনহাতে, ভাৰত বনাম অষ্ট্ৰেলিয়াৰ মাজৰ চলিত টি২০ শৃংখলাৰ তৃতীয়খন টি২০ মেচৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে অসম ক্ৰিকেট সন্থা । ইতিমধ্যে ষ্টেডিয়ামৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে । তাৰ উপৰি মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া মেচখন সূচাৰুৰূপে পৰিচালনাৰ বাবে ষ্টেডিয়ামৰ ভিতৰে-বাহিৰে গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা ।
মেচখনৰ সময়ত ষ্টেডিয়ামলৈ আহিবলগা দৰ্শক তথা সাধাৰণ লোকৰ যাতায়াতত যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে বিশেষ পথ নিৰ্দেশনা । মহানগৰ যান-বাহন আৰক্ষীয়ে অসম ক্ৰিকেট সন্থাৰ সহযোগত এই পথ নিৰ্দেশনা জাৰি কৰিছে । মেচখনৰ সময়ছোৱাত মহানগৰীৰ কোনটো পথেৰে কোনফালে যাব পাৰিব, কোনটো পথত ন'-এন্ট্ৰী থাকিব, কোনটো পথ ৱান-ৱে' হ'ব আৰু পাৰ্কিঙৰ সুবিধা ক'ত থাকিব আদিৰ নিৰ্দেশনা সন্দৰ্ভত যান-বাহন আৰক্ষী আৰু অসম ক্ৰিকেট সন্থাই এক যুটীয়া সংবাদমেল সম্বোধন কৰে ।