গুৱাহাটী, ২৫ মে': ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ সংহাৰী ৰূপ। কৰ'ণাৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে নতুন নতুন নিৰ্দেশনা জাৰি কৰিছে। শেহতীয়াকৈ আন্তঃজিলা যাতায়াত ব্যৱস্থাও বন্ধ কৰি দিয়া হৈছে । আনহাতে মঙলবাৰৰ পৰা সান্ধ্য আইনৰ সময়সীমা দহ দিনলৈ অৰ্থাৎ ৫ জুনলৈ বৃদ্ধি কৰা হৈছে ।
সেইদৰে গ্ৰামাঞ্চলত সন্ধিয়া ৫ বজাৰ পৰা প্ৰযোজ্য থকা পূৰ্বৰ সান্ধ্য আইন দিনৰ ২ বজালৈ আগুৱাই দিয়া হৈছে । বাকী নিয়ম সমূহ পূৰ্বৰ দৰেই বাহাল থাকিব। আজি এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । লক ডাউন দিয়াৰ কোনো পৰিকল্পনা চৰকাৰৰ নাই যদিও পৰিস্থিতি উন্নত নোহোৱা পৰ্যন্ত বৰ্ত্তমানৰ প্ৰযোজ্য নীতি-নিৰ্দেশনা সমূহ অব্যাহত থাকিব । পৰিস্থিতি উন্নত হ'লে ক্ৰমান্বয়ে নীতি-নিৰ্দেশনাসমূহ শিথিল কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে সদৰি কৰিছে ।
ৰাজ্যত অব্যাহত কৰ'ণাৰ সংক্ৰমণ, বৃদ্ধি সান্ধ্য আইন ভাল খবৰ এই যে, বিগত কিছুদিন ধৰি ৰাজ্যখনত ক'ভিড আক্ৰান্তৰ হাৰ কিছু হ্ৰাস পাব ধৰিছে। অৱশ্যে মৃত্যুৰ হাৰ হ্ৰাস পোৱা নাই । বিগত ২৪ ঘণ্টাত ৰাজ্যখনৰ ১,২০,৬৬৮ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল আৰু ইয়াৰে ৬,২২১ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে। আক্ৰান্তৰ হাৰ ৫.১৬ শতাংশ ।
ৰাজ্যত অব্যাহত কৰ'ণাৰ সংক্ৰমণ, বৃদ্ধি সান্ধ্য আইন আনহাতে মৃত্যু হয় ৮৪ গৰাকী ৰোগীৰ । ৰাজ্যখনত ক'ভিড ৰোগীৰ আৰোগ্যৰ হাৰ ৮৪.৮৬ শতাংশ আৰু মৃত্যুৰ হাৰ ০.৭৫ শতাংশ । ইফালে বিগত ২৪ ঘণ্টাত ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ৫,২৫২ গৰাকী লোকে । বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ৭২৯ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১২ গৰাকী লোকৰ মৃত্যু হৈছে ।
ৰাজ্যত অব্যাহত কৰ'ণাৰ সংক্ৰমণ, বৃদ্ধি সান্ধ্য আইন একেদৰে গুৱাহাটী মহানগৰীতো ক্ৰমান্বয়ে হ্ৰাস পাইছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা। উল্লেখ যে, ক'ভিডত এতিয়ালৈকে অসমৰ ২,৮২৩ গৰাকী লোকে প্ৰাণ হেৰুৱালে । ইফালে ৰাজ্যখনত অতি লেহেম গতিত চলি আছে ভেকচিন প্ৰক্ৰিয়া । ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ভেকচিন প্ৰক্ৰিয়াই এতিয়ালেকৈ ৩৮,২৭,৫৮৯ গৰাকী লোকক স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ৩০,৩১,৫০৮ গৰাকী লোকে ভেকচিনৰ প্ৰথম পালি আৰু ৭,৯৬,০৮১ গৰাকী লোকে দ্বিতীয় পালি লাভ কৰিছে ।
লগতে পঢ়কঃ এজন যুৱকৰ উদ্ভাৱনে দৃষ্টি আকৰ্ষণ কৰিছে দিখৌমুখবাসীৰ