গুৱাহাটী, ১ ডিচেম্বৰ: চৰম অনিশ্চয়তাৰে চলি আছে গুৱাহাটীৰ পানী যোগান প্ৰকল্পৰ কাম । গুৱাহাটীবাসীক ২৪ ঘণ্টাই খোৱাপানী যোগান ধৰাৰ বাবে যোৱা ৯-১০ বছৰৰ ধৰি চলি থকা চাৰিটা পানী যোগান প্ৰকল্পৰ কাম চৰম দুৰ্নীতি আৰু অনিয়মৰ বাবে এটাও প্ৰকল্প সম্পূৰ্ণ হোৱা নাই (water supply projects in Guwahati still incomplete) ) । ২০০৯-১০ চনত JNNURM আঁচনিৰ জৰিয়তে আৰম্ভ কৰা পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ২০১১-১২ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল । আকৌ ২০১১-১২ চনত জাইকাৰ দ্য ইণ্টাৰনেশ্যনেল ক'অপাৰেচন এজেঞ্চিৰ পৰা ঋণ লৈ আৰম্ভ কৰা কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ২০১৩-১৪ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল ।
আনহাতে, ২০১৩-১৪ চনত এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰা পূৱ গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ২০৬-১৭ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল(East Guwahati water project remained Incomplete) । ইফালে, ২০০১৪-১৫ চনত জাইকাৰ দ্য ইণ্টাৰনেশ্যনেল ক'অপাৰেচন এজেঞ্চিৰ পৰা ঋণ লৈ আৰম্ভ কৰা উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ২০১৭-১৮ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল । উল্লেখ্য যে, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে যোৱা ১৫ ছেপ্টেম্বৰত প্ৰকাশ কৰা এখন চাৰ্কুলাৰৰ মতে, ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে । লগতে ২০২৩ চনৰ মাৰ্চ মাহত উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।
কিন্তু প্ৰকল্প দুটা সন্দৰ্ভত ভাৰত চৰকাৰ আৰু জাইকাৰ মাজত সম্পাদন হোৱা ঋণ চুক্তি মতে, ঋণ চুক্তিৰ ম্যাদ ২০২২ চনৰ জুলাইত শেষ হ'ব । ২০২২ চনৰ জুলাইত ঋণ চুক্তিৰ ম্যাদ শেষ হোৱাৰ পিছত জাইকাই প্ৰকল্প দুটাৰ বাবে নিৰ্ধাৰিত বাকী থকা ঋণ দিয়া বন্ধ কৰিব ।