গুৱাহাটী,১০ ডিচেম্বৰঃ কাৰাবাসীৰ শিক্ষাৰ্থী সন্তান সকলক কিতাপ, কাগজ, কলম,বেগৰ লগতে আৰু কিছু প্ৰয়োজনীয় সামগ্ৰীৰ টোপোলাৰে আদৰণি জনোৱাৰ মানসেৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে আশীৰ্বাদ অনুষ্ঠান ৷ সাম্প্ৰতিক সময়ত কাৰাগাৰ সমূহত বিভিন্ন সংস্কাৰমুখী পদক্ষেপ হাতত লোৱা হৈছে ৷
কাৰাগাৰ মুখ্যালয়ৰ উদ্যোগত 20 খন কাৰাগাৰত 74 জন হাইস্কুল শিক্ষান্ত, হাই-মাদ্ৰাছা আৰু চিবিএছচিৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া কাৰাবাসীসকলৰ সন্তান সকলৰ বাবে আয়োজন কৰা হৈছে আশীৰ্বাদ অনুষ্ঠানৰ ৷ তাৰেই অংশ হিচাপে 10 ডিচেম্বৰত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত 'আশীৰ্বাদ অনুষ্ঠান'ৰ শুভাৰম্ভ কৰা হয় (inauguration of blessing ceremony at guwahati central jail) ৷
অসমৰ কাৰাগাৰ বিভাগৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে আশীৰ্বাদ অনুষ্ঠান এই আশীৰ্বাদ অনুষ্ঠান অসমৰ কাৰাগৰ বিভাগৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে ৷ যি সকল কাৰাবাসীৰ সন্তানে এই বেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা, চি বি এছ চিৰ চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইসকল শিক্ষাৰ্থীক উৎসাহিত আৰু প্ৰেৰণা দিয়াৰ অৰ্থে এই আশীৰ্বাদ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ অনুষ্ঠানৰ আৰম্ভণিতে কাৰাগাৰ মহাপৰিদর্শক বৰ্ণালী শৰ্মাই এই আশীৰ্বাদ অনুষ্ঠানৰ লক্ষ্য-উদ্দেশ্য আৰু তাৎপৰ্য ব্যাখ্যা কৰি সকলোকে আদৰণি জনোৱাৰ লগতে কাৰাবাসীৰ অধ্যয়নৰত সন্তান সকলক শুভেচ্ছা জ্ঞাপন কৰে ৷
অসমৰ কাৰাগাৰ বিভাগৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে আশীৰ্বাদ অনুষ্ঠান আশীৰ্বাদ অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ গৃহ বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মাই ৷ ভাষণত তেওঁ কয় যে এই অনুষ্ঠানৰ আয়োজন সমাজৰ বাবে এক উল্লেখযোগ্য অৱদান হ'ব ৷ কাৰাবাসীৰ সন্তান সকলে শিক্ষা লাভ কৰা আৰু নিজক ভাল মানুহ হিচাপে পৰিগণিত কৰাত এক সুন্দৰ নিদৰ্শন দাঙি ধৰিব বুলিও তেওঁ মন্তব্য কৰে ৷ সমান্তৰালকৈ শিক্ষাৰ্থী সকলে পৰীক্ষাৰ সময়ত কেনেদৰে অধ্যয়ন কৰিলে ভাল ফলাফল লাভ কৰিব সেই বিষয়ে ফলপ্ৰসূ বক্তব্য আগবঢ়ায় ৷
অসমৰ কাৰাগাৰ বিভাগৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে আশীৰ্বাদ অনুষ্ঠান ইয়াৰ পিছত কাৰাবাসীৰ শিক্ষাৰ্থী সন্তান সকলক কিতাপ, কাগজ, কলম,বেগৰ লগতে আৰু কিছু প্ৰয়োজনীয় সামগ্ৰীৰ টোপোলাৰে আদৰণি জনোৱা হয়(School accessories distribution among children of prison) ৷ ইয়াৰ পিছত কাৰাগাৰ উপ-মহাপৰিদর্শক দিলীপ শইকীয়া, প্ৰদীপ কুমাৰ ব্ৰহ্ম, এ আই জি নবজ্যোতি শৰ্মাই শিক্ষাৰ্থী সকলক পৰামৰ্শ দিয়াৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে ৷ আশীৰ্বাদ অনুষ্ঠানত আৱাসীসকলৰ লগতে তেওঁলোকৰ সন্তান সকলেও আবেগিক হৈ মনৰ ভাৱ প্ৰকাশ কৰে আৰু কাৰাগাৰ বিভাগৰ এই ব্যতিক্ৰমী পদক্ষেপক প্ৰশংসা কৰে ৷
লগতে চাওক :Assam Observes Swahid Divas: ধেমাজিত আছুৰ শ্বহীদ দিৱস উদযাপন