নিউজ ডেস্ক, 11 নৱেম্বৰ:চৰকাৰ সলনি হৈয়েই আছে কিন্তু আজিকোপতি সমাধান নহ’ল অসম-বাংলাদেশ সীমান্তৰ সীমা সমস্যা ৷ অসমৰ ৰাজনীতিৰ যোৱা কেইবাটাও দশকৰ ইছ্যু অসম-বাংলাদেশৰ সীমান্ত ছীল কৰা বিষয়টো (Assam Bangladesh Border seal)৷ কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰৰ 8 বছৰ উকলি যোৱাৰ পিছতো সীমান্ত ছীল কৰাৰ বাবে ন্যূনতম পদক্ষেপো গ্ৰহণ নকৰিলে কেন্দ্ৰীয় চৰকাৰে (Central govt neglect on Assam Bangladesh Border) ৷ বিভিন্ন সময়ত এই বিষয়ক লৈ চৰ্চা চলি আহিছে যদিও এতিয়ালৈ সমাধান নহ’ল সীমান্ত ছীলৰ সমস্যা ৷ প্ৰাক্তন গৃহমন্ত্ৰী ৰাজনাথ সিঙে অসম-বাংলাদেশ সীমান্ত সুৰক্ষিত কৰি বাংলাদেশীৰ প্ৰব্ৰজন ৰোধ কৰাৰ বাবে সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰাৰ লগত সেনা বাহিনীৰ হাতত অর্পণ কৰাৰ কথাও ঘোষণা কৰিছিল ৷
শেহতীয়াকৈ সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দাখিল কৰা তথ্য অনুসৰি অসমকে ধৰি উত্তৰ-পূবৰ কেবাখনো ৰাজ্যৰ সৈতে বাংলাদেশৰ সীমা সংলগ্ন হৈ আছে মুঠ 4,096 কিঃমিঃ ৷ ইয়াৰে কাইঁটীয়া তাঁৰ অবিহনে এতিয়াও উন্মুক্ত হৈ আছে 957 কিঃমিঃ সীমা ৷ ইয়াৰে অসম-বাংলাদেশ সীমান্তৰ দৈৰ্ঘ্য হ’ল মুঠ ২৬৩ কিলোমিটাৰ ৷ ইয়াৰ ভিতৰত এতিয়ালৈকে প্রায় ১৯০ কিলোমিটাৰ এলেকাতহে প্ৰকৃতাৰ্থত সম্পূৰ্ণৰূপে কাঁইটীয়া তাঁৰৰ বেৰা দিয়া হৈছে । উন্মুক্ত এলেকাৰ আধা অংশ নদী হোৱাৰ বাবেই সেই অংশত কাঁইটীয়া তাঁৰৰ বেৰ দিব পৰা হোৱা নাই ৷
উন্মুক্ত এলেকাসমূহৰ ভিতৰত ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ ছেক্টৰৰ ৮.৩৫৬ কিলোমিটাৰ এলেকাত ভৌগোলিক কাৰণত কাঁইটীয়া তাঁৰৰ বেৰা দিয়া সম্ভৱ নোহোৱাৰ বাবে উক্ত অঞ্চল উন্মুক্ত হৈয়ে আছে । আনহাতে কৰিমগঞ্জ জিলাৰো ৪.৩৫ কিলোমিটাৰ এলেকাত বাংলাদেশৰ বিৰোধিতাৰ বাবে আজিলৈকে কাঁইটীয়া তাঁৰৰ বেৰা দিয়া সম্ভৱ হৈ উঠা নাই । তদুপৰি নদী এলেকাত থকা ৬০.৫৬৪ কিল'মিটাৰ অঞ্চল এতিয়াও সম্পূৰ্ণৰূপে উন্মুক্ত হৈ আছে ।