অসম

assam

ETV Bharat / state

লোকচানৰ দোহাই দি নামৰূপ সাৰ কাৰখানা বিক্ৰীৰ পদক্ষেপ কেন্দ্ৰৰ - ব্ৰহ্মপুত্ৰ ভেলি ফাৰ্টিলাইজাৰ

বিগত তিনিটা বিত্তীয় বৰ্ষত নামৰূপ সাৰ কাৰখানাৰ ৩৩০.৬ কোটি টকা লোকচান । কেন্দ্ৰীয় চৰকাৰখনে নিৰ্বিনিয়োজন নীতিৰ আধাৰত নামৰূপ সাৰ কাৰখানা অর্থাৎ ব্ৰহ্মপুত্ৰ ভেলি ফাৰ্টিলাইজাৰ কৰ্প'ৰেশ্যন লিমিটেডৰ অংশ বিক্ৰী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে ।

In the name of loss Centre move to sell namrup fertilizer plant
লোকচানৰ দোহাই দি নামৰূপ সাৰ কাৰখানা বিক্ৰীৰ পদক্ষেপ কেন্দ্ৰৰ

By

Published : Sep 20, 2022, 8:54 PM IST

গুৱাহাটী, ২০ ছেপ্টেম্বৰ: বৃহৎ লোকচানৰ সন্মুখীন হৈছে নামৰূপ সাৰ কাৰখানা (Namrup Fertilizer Factory facing huge losses)। সেয়েহে লোকচানৰ দোহাই দি কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবৰ একমাত্ৰ সাৰ কাৰখানাটো বিক্ৰী কৰিবৰ বাবে উঠি পৰি লাগিছে । কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, বিগত তিনিটা বিত্তীয় বৰ্ষত সাৰ কাৰখানাটোৰ লোকচান হয় মুঠ ৩৩০.৬ কোটি টকা ৷

সেয়েহে কেন্দ্ৰীয় চৰকাৰখনে নিৰ্বিনিয়োজন নীতিৰ আধাৰত নামৰূপ সাৰ কাৰখানা অর্থাৎ ব্ৰহ্মপুত্ৰ ভেলি ফাৰ্টিলাইজাৰ কৰ্প'ৰেশ্যন লিমিটেডৰ অংশ (শ্বেয়াৰ) বিক্ৰী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে । এসময়ত লাভজনক সাৰ কাৰখানা হিচাপে বিবেচিত নামৰূপ সাৰ কাৰখানাৰ লোকচানৰ পৰিমাণ প্ৰতি বছৰে বৃদ্ধি পাবলৈ ধৰিছে ।

লোকচানৰ দোহাই দি নামৰূপ সাৰ কাৰখানা বিক্ৰীৰ পদক্ষেপ কেন্দ্ৰৰ

তথ্য অনুসৰি, সাৰ কাৰখানাটো ২০১৮-১৯ বিত্তীয় বৰ্ষত ৬৩.১৫ কোটি টকা, ২০১৯-২০ বিত্তীয় বৰ্ষত ১২৯.৭০ কোটি আৰু ২০২০-২১ বিত্তীয় বৰ্ষত ১৩৭.৭৫ কোটি টকা লোকচানৰ সন্মুখীন হয় । এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে সাৰ কাৰখানাটোত নতুনকৈ ধন বিনিয়োগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই । বিপৰীতে নামৰূপ সাৰ কাৰখানাৰ লগতে দেশৰ মুঠ আঠটা সাৰ কাৰখানাৰ অংশ বিক্ৰী কৰিবৰ বাবে সিদ্ধান্ত লৈছে (Centre move to sell Namrup fertilizer plant) ।

লোকচানৰ দোহাই দি নামৰূপ সাৰ কাৰখানা বিক্ৰীৰ পদক্ষেপ কেন্দ্ৰৰ

প্ৰণিধানযোগ্য যে নামৰূপ সাৰ কাৰখানাই প্ৰথম আৰু দ্বিতীয় গোটটো বন্ধ হৈ যোৱাত আওপুৰণি তৃতীয় গোটটোৰেই সাৰ উৎপাদন কৰি কৃষকৰ চাহিদা পূৰ্ণ কৰি আহিছে । তেনেস্থলত সাৰ কাৰখানাটোৰ চতুৰ্থ গোটটো স্থাপন কৰাটো নিতান্তই প্ৰয়োজন আছিল । কাৰখানাটোৰ শ্ৰমিক কৰ্মচাৰীসকলে দীর্ঘদিন এই দাবী জনাই অহাৰ পাছত ২০০৬ চনত সেই সময়ৰ সাৰ মন্ত্ৰী ৰামবিলাস পাছোৱানে নামৰূপত উপস্থিত হৈ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল ।

লোকচানৰ দোহাই দি নামৰূপ সাৰ কাৰখানা বিক্ৰীৰ পদক্ষেপ কেন্দ্ৰৰ

কিন্তু সেই প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈয়ে থাকিল । ইফালে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ লৈয়েই নৰেন্দ্ৰ মোদীয়ে নামৰূপ সাৰ কাৰখানাটোৰ নতুন গোট স্থাপনৰ বাবে কেবিনেটত সিদ্ধান্ত লৈছিল । কিন্তু আশ্চর্যজনকভাৱে আজিও কেবিনেটৰ সেই সিদ্ধান্ত কার্যকৰী নহ'ল । সাৰ কাৰখানাটোৰ তৃতীয়টো গোটো বন্ধ হোৱাৰ উপক্ৰম হোৱাত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে মেৰামতিৰ বাবে ১০০ কোটি টকাৰ অনুদান আগবঢ়াইছিল ।

কিন্তু মাত্ৰ ১০০ কোটি টকাৰে সাৰ উদ্যোগটো জীয়াই ৰখা সম্ভৱপৰ নহয় । এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে সাৰ কাৰখানাটোৰ চতুৰ্থটো গোট স্থাপন কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ হাতত নলৈ কাৰখানাটো বিক্ৰী কৰিবলৈ ওলোৱা কাৰ্যই সকলোকে হতাশ কৰি তুলিছে । কিয়নো নামৰূপ সাৰ কাৰখানাটো উত্তৰ-পূবৰ একমাত্ৰ সাৰ কাৰখানা ।

এই কাৰখানাটোত উৎপাদিত সাৰে উত্তৰ-পূবৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰি আহিছে । আজিও নতুন যন্ত্ৰপাতি ব্যৱহাৰ কৰি সঠিকভাৱে পৰিচালনা কৰিলে লাভৰ মুখ দেখিব কাৰখানাটোৱে । কিন্তু তাকে নকৰি কেন্দ্ৰীয় চৰকাৰে লোকচানৰ দোহাই দি কাৰখানাটোৰ অংশ বিক্ৰী কৰিবলৈ ওলাইছে । কেন্দ্ৰৰ এনে সিদ্ধান্তই পুঁজিপতিকহে যে লাভৱান কৰিব সেইটো নিশ্চিত ।

লগতে পঢ়ক:ONGCs Gas Sale Agreements: অ'এনজিচি ত্ৰিপুৰা-এজিচিএল গেছ বিক্ৰী চুক্তি

ABOUT THE AUTHOR

...view details