অসম

assam

By

Published : Feb 4, 2023, 2:15 PM IST

ETV Bharat / state

National highways in Assam: সাত বছৰত ৰাজ্যত নতুনকৈ নিৰ্মাণ হৈছে ৪৩৩ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ

মেৰামতিৰ অভাৱত শোচনীয় হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ (Poor condition of National highways in Assam)। চাৰি বছৰত মেৰামতিৰ বাবে অনুমোদন জনোৱা ৩২৪.৮২ কোটি টকাৰ ভিতৰত ব্যয় হ’ল মাত্র ১১৭.৬৬ কোটি টকা। পাঁচ বছৰত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে দিয়া হৈছিল ২৫৯৭.৮৩ কোটি টকা। ব্যয় কৰা নহ'ল ৩০২.৬৭ কোটি টকা (New national highways in Assam)। ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ মেৰামতি নকৰিলেও চৰকাৰে টোল মাচুল সংগ্ৰহৰ ক্ষেত্ৰত কৰা নাই কোনো ধৰণৰ কাৰ্পণ্য।

new national highways have been constructed by National Highways Authority of India
ৰাজ্যত নতুনকৈ নিৰ্মাণ হৈছে ৪৩৩ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ

গুৱাহাটী,৪ ফেব্ৰুৱাৰীঃৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ (National Highways Authority of India) গাফিলতিৰ বাবে মেৰামতিৰ অভাৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে । ৰাষ্ট্ৰীয় ঘাইপথসমূহত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাৰ পাছতো মেৰামতিৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। লক্ষণীয় বিষয় যে প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ মেৰামতিৰ বাবে বৃহৎ অংকৰ ধন প্ৰদান কৰে।

কিন্তু ধনৰ সদৱহাৰ নোহোৱাৰ ফলত পথসমূহ জৰাজীৰ্ণ হৈ পৰিছে (Poor condition of National highways in Assam)। আনহাতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰতো অনুমোদিত পুঁজিৰ এক বৃহৎ অংকৰ ধন প্রতি বছৰে ব্যয় নোহোৱাকৈয়ে অসমত ৰৈ গৈছে । যাৰ ফলত বছৰৰ পাছত বছৰ ধৰি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা নাই (New national highways in Assam)।

উল্লেখ্য যে অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ প্ৰকৃত স্বৰূপটো উদঙাই দিছে খোদ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাই পথ মন্ত্রালয়ে। বিভাগীয় তথ্য অনুসৰি বিগত চাৰি বছৰত ৰাজ্যখনত ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ মেৰামতিৰ বাবে অনুমোদন জনোৱা ৩২৪.৮২ কোটি টকাৰ ভিতৰত ব্যয় হ’ল মাত্র ১১৭.৬৬ কোটি টকা। অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথ সমূহ জৰাজীৰ্ণ হৈ পৰাৰ পাছতো ২০৭.১৬ কোটি টকা ব্যয়েই নকৰিলে বিভাগে। আনহাতে বিগত পাঁচ বছৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাজ্যখনত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে প্ৰদান কৰিছিল মুঠ ২৫৯৭.৮৩ কোটি টকা। কিন্তু এই পুঁজিৰ ভিতৰতো ব্যয় নোহোৱাকৈয়ে ৰৈ গ'ল ৩০২.৬৭ কোটি টকা।

ইফালে ৰাজ্যখনত বিগত সাত বছৰত নতুনকৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈছে মাত্র ৪৪৩ কিলোমিটাৰহে। মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৩-১৪ বৰ্ষত ৰাজ্যখনত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য হৈছে ৩৬৩৪ কিলোমিটাৰ। আনহাতে ২০২২ চনত এই দৈর্ঘ্য বৃদ্ধি পাই হৈছেগৈ ৪০৭৭ কিলোমিটাৰ।

লক্ষণীয় যে কেন্দ্ৰীয় চৰকাৰে ধন প্ৰদান কৰাৰ পাছতো বিভাগে আশ্চর্যজনকভাৱে জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথসমূহ মেৰামতি নকৰে। তথ্য অনুসৰি মেৰামতিৰ বাবে ২০১৯-২০ বৰ্ষত ধার্য কৰা ২৮.৪১ কোটিৰ ভিতৰত ৩.২৮ কোটি টকা, ২০২০-২২ বৰ্ষত ধার্য কৰা ১৩০,৬৮ কোটিৰ ভিতৰত ৭৩.১৯ কোটি টকা, ২০২১-২১ বৰ্ষত ধার্য্য কৰা ১১০.৭০ কোটিৰ ভিতৰত ৩৮.৬০ কোটি টকা আৰু ২০২২-২৩ বৰ্ষত ধার্য্য কৰা ৫৪.৯৫ কোটিৰ ভিতৰত অক্টোবৰলৈকে মাত্র ২.৫৯ কোটি টকাহে ব্যয় কৰা হৈছে।

একেদৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অসমৰ বাবে ২০১৭-১৮ বৰ্ষত অনুমোদন জনোৱা ৪৩০.৬৮ কোটিৰ ভিতৰত ৩৯৭.০৯ কোটি টকা, ২০১৮-১৯ বৰ্ষত অনুমোদিত ৪৬২.৩৩ কোটিৰ ভিতৰত ২৩২.৩৩ কোটি টকা, ২০১৯-২০ বৰ্ষত অনুমোদিত ৪৫৮.৪৯ কোটিৰ ভিতৰত ৪৩১.২৮ কোটি টকা, ২০২০-২১ বৰ্ষত অনুমোদিত ৫৫০.৬৮ কোটিৰ ভিতৰত ৪৯৩.১৯ কোটি টকা, ২০২১-২২ বৰ্ষত অনুমোদিত ৪৬০.৭ কোটিৰ ভিতৰত ৩৯৫.৬ কোটি টকা আৰু ২০২২-২৩ বৰ্ষত অনুমোদিত ২৩৪.৯৫ কোটিৰ ভিতৰত ১৪৫.৬৭ কোটি টকা ব্যয় হৈছে। ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে ৰাজ্যখনত প্ৰকৃততে কিদৰে ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ উন্নয়নৰ কাম চলি আছে।

মন কৰিব লগীয়া কথা যে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ মেৰামতি নকৰিলেও কেন্দ্ৰীয় চৰকাৰে টোল মাচুল সংগ্ৰহৰ ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্পণ্য কৰা নাই। এখনৰ পাছত আনখনকৈ টোলগেট স্থাপন কৰি গৈছে কেন্দ্ৰই। যাৰ বাবে টোলগেটক লৈ ৰাজ্যবাসী অসন্তুষ্টও হৈ পৰিছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে টোলগেট স্থাপন কৰিবলৈ এৰি দিয়া নাই। বৰঞ্চ চলিত বৰ্ষতে ৰাজ্যখনত দুখনকৈ নতুন টোলগেট স্থাপনৰ সিদ্ধান্ত লৈছে (Toll gate in Assam)। সেই অনুসৰি কলিয়াবৰ চুলুঙত আৰু দেৰগাঁৱৰ সমীপৰ ৰঙামাটিত অন এখন টোলগেটৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছে। লক্ষণীয় বিষয় যে প্ৰতিটো ক্ষেত্রত অসমে মাথো বঞ্চনাৰ সন্মুখীন হৈ আহিব লগীয়া হৈছে।

লগতে পঢ়ক:Asam Sahitya Sabha: সাহিত্যৰ নহয়, যেন ৰাজনৈতিক নেতাৰহে অধিৱেশন !

ABOUT THE AUTHOR

...view details