অসম

assam

ETV Bharat / state

অসম বিধানসভাৰ উপ নিৰ্বাচন: পাঁচটা সমষ্টিত ৩৯ গৰাকী প্ৰার্থীৰ মনোনয়ন দাখিল

৩০ অক্টোবৰত ৰাজ্যৰ পাঁচটা সমষ্টিত হ'ব উপ নিৰ্বাচন । গোসাইগাঁও সমষ্টিত সৰ্বাধিক ১৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে । আনহাতে মৰিয়নীত সৰ্বনিম্ন ৪ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন ।

39 candidates filed papers for five assembly seats
পাঁচটা সমষ্টিত ৩৯ গৰাকী প্ৰার্থীৰ মনোনয়ন দাখিল

By

Published : Oct 9, 2021, 2:05 PM IST

গুৱাহাটী, ৯ অক্টোবৰ : অসম বিধানসভাৰ পাঁচটা সমষ্টি ক্ৰমে ২৮ নং গোসাইগাঁও, ৪১ নং ভৱানীপুৰ, ৫৮ নং তামুলপুৰ, ১০১ নং মৰিয়নী আৰু ১০৭ নং থাওৰা সমষ্টিৰ বাবে ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন ৷ শুকুৰবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন সমাপ্ত হৈছে । 5 টা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মুঠ ৩৯ গৰাকী প্ৰার্থীয়ে দাখিল কৰিছে মনোনয়ন পত্ৰ । সমষ্টিভিত্তিত মনোনয়ন পত্ৰ দাখিল কৰা প্ৰার্থী তালিকাখন এনেধৰণৰ -

২৮ নং গোসাইগাঁও সমষ্টি

১. জিৰোন বসুমতাৰী, ইউনাইটেড পিপ’লছ পার্টী লিবাৰেল

২. ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী, বড়োলেণ্ড পিপলছ ফ্ৰন্ট লিবাৰেল

৩. জুৱেল টুডু, ভাৰতীয় জাতীয় কংগ্ৰেছ

৪. খাইৰুল আনাম খণ্ডকাৰ, অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰন্ট

৫. ছৈয়দ আলী শ্বেখ, গণ সুৰক্ষা পাৰ্টী ইণ্টাৰনেচনেল

৬. আব্দুল হাছেম আকন্দ, ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেচনেল

৭. হাকিউলিয়াচ বসুমতাৰী, নির্দলীয়

৮. নৰ বসুমতাৰী, নির্দলীয়

৯. উত্তম কুমাৰ তালুকদাৰ, নির্দলীয়

১০. কমল ৰয়, নির্দলীয়

১১. উত্তম কুমাৰ মজুমদাৰ, নির্দলীয়

১২. ওছমান গনি শ্বেখ, নির্দলীয়

১৩। বাবুলাল বেছৰা, নির্দলীয়

১০১ নং মৰিয়নী সমষ্টি

১. ৰূপজ্যোতি কুৰ্মী, ভাৰতীয় জনতা পাৰ্টী

২. লোহিত কোঁৱৰ, ভাৰতীয় জাতীয় কংগ্ৰেছ

৩. গোপাল চন্দ্ৰ ঘাটোৱাৰ, অসম সংগ্ৰামী মঞ্চ

৪. সঞ্জীৱ গগৈ, নির্দলীয়

৪১ নং ভৱানীপুৰ সমষ্টি

১. ফণীধৰ তালুকদাৰ, ভাৰতীয় জনতা পাৰ্টী

২. শৈলেন্দ্ৰ নাথ দাস, ভাৰতীয় জাতীয় কংগ্ৰেছ

৩. জুব্বেৰ আলী, অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰন্ট

৪. শিৱেন দাস, ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেচনেল

৫. মেৰিজুল হক, ৰ'ড মেপ পার্টী

৬. ছৌকত আলী আহমেদ, নির্দলীয়

৭. খাম্ফা খুংগুৰ গয়াৰী, নির্দলীয়

৮। আৰিফুল ইছলাম, নির্দলীয়

১০৭ নং থাওৰা সমষ্টি

১. সুশান্ত বৰগোঁহাই, ভাৰতীয় জনতা পাৰ্টী

২. মনোৰঞ্জন কোঁৱৰ, ভাৰতীয় জাতীয় কংগ্ৰেছ

৩. কৃষ্ণ গগৈ, কমিউনিষ্ট পার্টী অৱ ইণ্ডিয়া

৪. ধৈৰ্য্য কোঁৱৰ, নির্দলীয়

৫. লোহিত গোৱালা, নির্দলীয়

৫৮ নং তামুলপুৰ সমষ্টি

১. জলেন দৈমাৰী, ইউনাইটেড পিপ’লছ পার্টী লিবাৰেচন

২. ভাস্কৰ দাহাল, ভাৰতীয় জাতীয় কংগ্ৰেছ

৩. ব্ৰজেন্দ্ৰ নাথ ডেকা, গণ সুৰক্ষা পাৰ্টী

৪. ৰাজকুমাৰ বড়ো, ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেচনেল

৫. ইমানুৱেল মুছাহাৰী, নির্দলীয়

৬. গণেশ কছাৰী, নির্দলীয়

৭. চণ্ডী বসুমতাৰী, নির্দলীয়

৮. দেবেন বড়ো, নির্দলীয়

৯. যশোৱন্ত চৌহান, নির্দলীয়

উল্লেখ্য যে, ৩০ অক্টোবৰত পাঁচটা সমষ্টিত হ'ব উপ-নিৰ্বাচন । ১১ অক্টোবৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষণ কৰা হ'ব আৰু মনোনয়ন উঠাই লোৱাৰ অন্তিম দিন ১৬ অক্টোবৰ । ৩০ অক্টোবৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হ'ব আৰু ২ নৱেম্বৰত হ'ব ভোট গণনা ।

লগতে পঢ়ক :দিল্লীত চলি থকা কৃষক আন্দোলনত চামিল বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘ

ABOUT THE AUTHOR

...view details