অসম

assam

ETV Bharat / state

Presidential election 2022: ৰাষ্ট্ৰপতি নিৰ্বাচনত অসমৰ কোন বিধায়কে ভোট দিব দিল্লীত ? - এনডিএ সমৰ্থিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু

18 জুলাইত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত(Presidential election 2022) ব্যতিক্ৰমী হ’ব অসমৰ এজন বিধায়ক ৷ বিধান সভাত ভোটদান সাব্যস্ত কৰাৰ বিপৰীতে বিধায়কগৰাকীয়ে ভোট দিব সংসদ ভৱনত ৷

Presidential election 2022
ৰাষ্ট্ৰপতি নিৰ্বাচনত অসম কোন বিধায়কে ভোট দিব দিল্লীত ?

By

Published : Jul 15, 2022, 5:25 PM IST

নিউজ ডেস্ক: 18 জুলাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন (Presidential election 2022) ৷ দেশৰ সাংসদসকলে সংসদ ভৱনত ভোটদান কৰাৰ বিপৰীতে বিধায়কসকলে নিজ নিজ বিধানসভাৰ মজিয়াত ভোটদান সাব্যস্ত কৰিব ৷ এইক্ষেত্ৰত ব্যতিক্ৰম হ’ব অসমৰ এজন বিধায়ক ৷

নাওবৈচা সমষ্টিৰ কংগ্ৰেছ বিধায়ক ভৰত চন্দ্ৰ নৰহে(MLA Bharat Chandra Narah) অসম বিধানসভাৰ পৰিৱৰ্তে ভোটদান কৰিব সংসদ ভৱনত ৷ সংসদ ভৱনৰ প্ৰথম মহলাৰ 63 নং কোঠাত কৰিব ভোটদান ৷ বিধায়কগৰাকীৰ আবেদনৰ ভিত্তিত নিৰ্বাচন আয়োগে সংসদ ভৱনত ভোটদানৰ বাবে অনুমতি প্ৰদান কৰিছে ।

নাওবৈচা সমষ্টিৰ কংগ্ৰেছ বিধায়ক ভৰত চন্দ্ৰ নৰহ

প্ৰদেশ কংগ্ৰেছ কমিটিয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, দিল্লীত চিকিৎসাধীন অৱস্থাত থকাৰ বাবেই সংসদ ভৱনতে ভোটদানৰ বাবে অনুমতি দিয়া হৈছে বিধায়ক নৰহক ৷ ইয়াৰ পূৰ্বে ভৰত নৰহে অসমত ভোটদান কৰিব নোৱৰাৰ সন্দৰ্ভত অসম বিধানসভা কৰ্তৃপক্ষক অৱগত কৰোৱাইছিল ।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে এনডিএ আৰু বিৰোধী দলৰ প্ৰক্ষেপিত দুয়োগৰাকী প্ৰাৰ্থীয়ে অসমত প্ৰচাৰ অভিযান সমাপ্ত কৰে ৷ 13 জুলাইত বিৰোধীৰ উমৈহতীয়া প্রার্থী যশোৱন্ত সিনহাই গুৱাহাটীত প্ৰচাৰৰ বাবে উপস্থিত(Jaswant Singha in Guwahati) হোৱাৰ বিপৰীতে 6 জুলাইত তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হৈছিল এনডিএ সমৰ্থিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু (Draupadi Murmu in Assam)৷

লগতে পঢ়ক:Mahua Moitra controversy: গগৈৰ নাম লৈ বিতৰ্কত সাংসদ মহুৱা মৈত্ৰ

ABOUT THE AUTHOR

...view details