গুৱাহাটী, 4 চেপ্টেম্বৰ: কৰ‘ণা মহামাৰীৰ মাজতে ৰাজ্য চৰকাৰে অসমৰ স্কুল কলেজ খোলা সন্দৰ্ভত প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ শুকুৰবাৰে ৰাজ্য চৰকাৰে দিয়া এক নিৰ্দেশনা মতে, 30 চেপ্টেম্বৰ লৈকে বন্ধ থাকিব ৰাজ্যৰ স্কুল, কলেজসমূহ ৷ নিয়মিত পাঠদানৰ বাবে স্কুল, কলেজ, শৈক্ষিক আৰু কোচিং কেন্দ্ৰসমূহ 30 চেপ্টেম্বৰৰ আগত খুলিব নোৱাৰিব ৷
অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণাই শুকুৰবাৰে এক অধিসূচনা জাৰি কৰি এই কথা ঘোষণা কৰে ৷
আনহাতে অনলাইন আৰু দূৰ শিক্ষা প্ৰক্ৰিয়া জাৰি ৰাখিবলৈ অনুমতি প্ৰদান কৰিছে ৷ অধিসূচনাত কোৱা হৈছে যে, নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক শৈক্ষিক আধাৰত আৰু শিক্ষক সকলৰ পৰা মাৰ্গদৰ্শনৰ বাবে পিতৃ-মাতৃৰ লিখিত অনুমতিৰ সৈতে বিদ্যালয়লৈ আহিব পাৰিব ৷
ক‘ৰণা ভাইৰাছৰ প্ৰ‘ট’কলৰ সমূহৰ কঠোৰভাৱে পালন কৰি কৌশল বিকাশ আৰু উদ্যোগিত প্ৰশিক্ষণ কেন্দ্ৰসমূহ অব্যাহত ৰাখিব পাৰিব ৷
লগতে পঢ়ক : আনলক সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ