গুৱাহাটী, 4 নবেম্বৰ : ভাল খবৰ ৷ অসমত প্ৰতি লিটাৰ পেট্ৰ'লত ১২ টকা আৰু ডিজেলত ১৭ টকা হ্ৰাস হ'ল ৷ কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে অসম চৰকাৰেও পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নিশা ৰাজ্যত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৭ টকাকৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে ৷
কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাৰ পাছতে ৰাজ্য চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপিত ভেট ৭ টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰে ৷
লগতে চাওক:৩৬ টা নিগম-নিকায়ৰ অধ্যক্ষ নিযুক্তি; স্থান পালে অগপ-ইউপিপিএলৰ নেতাই