গুৱাহাটী, ১৯ এপ্রিল : ৰাজ্যখনত শেহতীয়াকৈ অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অধিক তীব্ৰতৰ হৈছে (Assam police against crime)। বিশেষকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অপৰাধীৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা হৈছে । ইফালে অপৰাধ বিৰোধী অভিযানৰ সমান্তৰালকৈ ৰাজ্যখনত এনকাউণ্টাৰৰ ঘটনাও বৃদ্ধি পাবলৈ ধৰিছে(Encounters in Assam) ।
ইফালে আৰক্ষীৰ জিম্মাত নাইবা ন্যায়িক জিম্মাত অভিযুক্তৰ মৃত্যু হোৱাৰ সংখ্যাও তুলনামূলকভাৱে বৃদ্ধি পাইছে । তথ্য মতে ৰাজ্যত বিগত পাঁচ বছৰত আৰক্ষী আৰু ন্যায়িক জিম্মাত থকাৰ সময়ত মৃত্যু হৈছে ১৮৪ জন লোকৰ(People died while in judicial custody) । ২০১৬ বৰ্ষৰ পৰা ২০২২ বর্ষৰ ভিতৰত এই লোকসকলৰ মৃত্যু হৈছে । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ তথ্য অনুসৰি মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৩৬ জনৰ আৰক্ষী জিম্মাত আৰু ১৪৮ জনৰ ন্যায়িক জিম্মাত মৃত্যু ঘটিছে ।
অৱশ্যে এনেদৰে জিম্মাত মৃত্যু হোৱাৰ বাবে কোনো বিষয়া অথবা আৰক্ষীৰ বিৰুদ্ধে বর্তমানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কোনোধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ নির্দেশ দিয়া নাই । ইয়াৰ বিপৰীতে আৰক্ষী অথবা ন্যায়িক জিম্মাত মৃত্যু হোৱা লোকসকলৰ ২৭ টা পৰিয়ালক আর্থিক সাহায্য প্রদান কৰিবলৈহে পৰামর্শ দিছে আয়োগে ।
সেই অনুসৰি ২০১৬ বৰ্ষৰ পৰা মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক মুঠ ৭৬ লাখ টকাৰ আর্থিক সাহায্য প্রদান কৰিবলৈ আয়োগে পৰামর্শ প্রদান কৰিছে । উল্লেখ্য যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ তথ্য অনুসৰি বিগত ৫ বছৰৰ ভিতৰত ২০১৯-২০ বৰ্ষত ন্যায়িক জিম্মত সর্বাধিক ৩২জন লোকৰ মৃত্যু ঘটিছে ।