নিউজ ডেস্ক, 7 জুন :অসমত পুনৰ 155 জন লোকৰ দেহত পোৱা গৈছে ক'ভিড-19ৰ অৱস্থিতি ৷ বৰ্তমানলৈকে ৰাজ্যখনত আক্ৰান্ত হৈছে মুঠ 2681 গৰাকী লোক ৷ ইয়াৰ ভিতৰত চিকিৎসাধীন অৱস্থাত আছে 2038 গৰাকী ৷ ইতিমধ্যে চিকিৎসালয়ৰ পৰা অব্যহতি দিয়া হৈছে 636 গৰাকী লোকক ৷ ৰাজ্যত ক'ভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 4 গৰাকী ৷ দেওবাৰৰ দিনটোত ৰাজ্যত মুঠ 208 গৰাকী ক'ভিড-19 আক্ৰান্ত লোক চিনাক্ত হৈছে ৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে সদৰী কৰিছে এইকথা ৷
অসমত পুনৰ 155 জন ক'ভিড-19 আক্ৰান্ত চিনাক্ত - ডঃ হিমন্ত বিশ্ব শৰ্মা
অসমত নতুনকৈ 155 জন ব্যক্তিৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৷ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনালে এই কথা ৷

in assam 155 new covid-19 positive found